অসম

assam

ETV Bharat / state

চিৰাঙত অপৰিৱৰ্তিত বান পৰিস্থিতি - চিৰাঙত

ভূটানত অত্যাধিক মাত্ৰাত বৰষুণ হোৱাৰ ফলত ভূটানৰ পৰা পানী নামি আহি চিৰাং জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।

chirang-flood-situation-out-of-controll
চিৰাঙত অপৰিৱৰ্তীত বান পৰিস্থিতি

By

Published : Jul 12, 2020, 8:42 PM IST

চিৰাঙ,12 জুলাইঃ চিৰাঙৰ বান পৰিস্থিতিয়ে ক্ৰমান্বয়ে অধিক শোচনীয় ৰূপ লৈছে । নেৰানেপেৰা ধাৰাষাৰ বৰষুণৰ ফলত স্থানীয় লোকৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে । ভূটানতো অত্যাধিক মাত্ৰাত বৰষুণ হোৱাৰ ফলত পানী নামি আহি চিৰাং জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।

চিৰাঙত অপৰিৱৰ্তীত বান পৰিস্থিতি

ইপিনে দেওবাৰেও এচ ডি আৰ এফে ঠায়ে ঠায়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । তাৰ বিপৰীতে শ শ গাঁও এতিয়াও বানত প্লাবিত হৈয়ে আছে । আই নদী, মাক্ৰা নদী, নাঙলভাঙা নদীৰ বাঢ়নি পানীয়ে ভয়ানক ৰূপ ধাৰণ কৰা দেখা গৈছে । ইতিমধ্যে মন্ত্ৰী চন্দন ব্ৰহ্মই বিগত কেইবাদিনৰ পৰা বান পৰিস্থিতিৰ বুজ লৈ আছিল ৷ সম্প্ৰতি চিৰাঙৰ বান পৰিস্থিতি নিয়ন্ত্ৰনলৈ অহা নাই বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।

চিৰাঙত অপৰিৱৰ্তীত বান পৰিস্থিতি

লগতে পঢ়কঃ গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰৰ জলস্তৰে

ABOUT THE AUTHOR

...view details