চিৰা, 18 জুলাইঃবিগত দুদিনতচিৰাং জিলাৰ বান পৰিস্থিতি উন্নত হৈছে যদিও আই নৈৰ খৰস্ৰোতা সোঁতৰ বাবে বিগত 8 দিনে জলবন্দী হৈ থকা দূৰ্গত লোকসকলক বুধবাৰৰ পৰা এছ এছ বিৰ জোৱানে নাৱৰ জৰিয়তে উদ্ধাৰ কৰে ৷ ইটিভি ভাৰতৰ বাতৰিৰ পিচতে এই ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে । বেংতল ৰাজহ চক্ৰৰ অধীনৰ দাবাবিল, মাদাৰপুৰ আৰু নাথুৰবাৰী গাঁৱৰ পৰা শতাধিক লোকক বুধবাৰে বিপদ সংকুলভাৱে এছ এছ বিৰ জোৱানে আই নৈ পাৰ কৰাই চটো নিলীবাৰী গাঁৱত অৱস্থান কৰায় ৷
চিৰাঙত বান পৰিস্থিতি উন্নতঃ বানাক্ৰান্তসকলৰ কাষত এছ এছ বি
চৰকাৰী সূত্ৰই প্ৰকাশ প্ৰকাশ কৰা মতে, এই বানত জিলা খনৰ ৬৫৩৯ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ৷ ২৩৫৬.৭ হেক্টৰ কৃষি ভূমি , ৬৪৫০ টা পোহনীয়া জন্তু ক্ষতিগ্ৰস্ত হৈছে ৷ জিলাখনৰ চাৰিটা আশ্ৰয় শিবিৰত বৰ্তমানে ১১৫৫ লোকে আশ্ৰয় লৈ আছে ৷
ইপিনে জিলা প্ৰশাসনে বিগত দুদিনৰ পৰা খাদ্য সামগ্ৰীৰ যোগান ধৰিছে যদিও চটো নিলীবাৰীত বানপীড়িত সকলৰ বাবে আশ্ৰয় শিবিৰ স্থাপন নকৰাত বানাক্ৰান্ত লোকসকল সমস্যাত পৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ গাঁও তিনিখনৰ লোক সকল আই নৈ পাৰ হৈ ডোঙাগাঁও, সুভাইঝাৰত অন্য লোকৰ ঘৰত আশ্ৰয় লৈছে ৷ বৃহস্পতিবাৰে জিলা প্ৰশাসনে চটো নিলীবাৰী নামৰ গাঁৱৰ গড়কাপ্তানি পথৰ দাঁতিত আশ্ৰয় শিবিৰ স্থাপনৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে নৱম দিনা ১৫ খন গাঁও বানত ক্ষতি হোৱা বুলি চিৰাং জিলা প্ৰশাসনে প্ৰকাশ কৰিছে ৷ ভূটান ৰাষ্ট্ৰৰ পৰা নামি অহা আৰু নেৰানেপেৰা বৰষুণৰ ফলত সম্প্ৰতি জিলাখনৰ বেংতল ৰাজহ চক্ৰ, চিদলী আৰু বিজনী ৰাজহ চক্ৰ এলেকাৰ এই ১৫ খন গাঁওৰ ভিতৰত চাৰিখন গাঁত ক্ষতি সাধন হোৱাত চাৰিটা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ৷