অসম

assam

ETV Bharat / state

পশুখাদ্যৰ অভাৱঃ নিজৰ শালিখেতি পশুক খোৱাবলৈ বাধ্য হ'ল বান্যাৰ্ত - বানৰ ফলত খাদ্যৰ সংকটত জীৱকূল

ৰাইজে যেনে তেনে দিন পাৰ কৰিছে যদিও পশুধন লৈ অধিক বিপদত পৰিছে এই সকল বন‍্যাৰ্ত । চৰকাৰে মাত্ৰ 2/3 দিনৰ বাবে পশু খাদ‍্য যোগান ধৰিছিল ৷ এতিয়া উপায়ন্তৰ কৃষকে নিজৰ গাৰ তেজ পানী কৰি যি সমূহ শালি ধানৰ খেতি কৰিছিল তাৰ অধিকাংশ বান আৰু গৰাখহনীয়াত ধ্বংস হোৱাৰ পাছত বাকী ৰোৱা খেতি খিনি নিজৰ পশুধনৰ খাদ‍্য হিচাবে ব‍্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ।

Chirang
খাদ্যৰ সংকটত জীৱকূল

By

Published : Aug 2, 2020, 3:18 PM IST

Updated : Aug 2, 2020, 3:28 PM IST

চিৰাং, 2 আগষ্ট : চিৰাং জিলাত বিগত প্ৰায় দুমাহৰ পৰা হোৱা বৰষুণ আৰু বানৰ ফলত সৰ্বস্বান্ত কৃষক সকল। জিলাখনৰ নেপালপাৰা গাঁৱত আই নদীৰ বান আৰু গৰাখহনীয়াই গাঁওখনৰ প্ৰায় ৮০ শতাংশ ধ্বংশ কৰিছে । চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব‍্যৱস্থা নকৰাত ৮০ শতাংশ কৃষি ভূমি তথা মানুহৰ থকা ঘৰ ইতিমধ্যে আই নদীৰ বুকুত জাহ গৈছে। চৰকাৰে এই সকল ক্ষতিগ্ৰস্ত কৃষকক পৰ্য‍াপ্ত পৰিমাণে খাদ‍্য সামগ্ৰীয়ো যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

খাদ্যৰ সংকটত জীৱকূল

লগতে পঢ়কঃবাক্সাত হাতীৰ গচকত নিহত এজন

এই পৰিস্থিতিত ৰাইজে যেনে-তেনে দিন পাৰ কৰিছে যদিও পশুধন লৈ অধিক বিপদত পৰিছে এই সকল বন‍্যাৰ্ত । চৰকাৰে মাত্ৰ 2/3 দিনৰ বাবে পশু খাদ‍্য যোগান ধৰিছিল ৷ এতিয়া উপায়ন্তৰ কৃষকে নিজৰ গাৰ তেজ পানী কৰি যি সমূহ শালি ধানৰ খেতি কৰিছিল তাৰ অধিকাংশ বান আৰু গৰাখহনীয়াত ধ্বংস হোৱাৰ পাছত বাকী ৰোৱা খেতি খিনি নিজৰ পশুধনৰ খাদ‍্য হিচাবে ব‍্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ।

খাদ্যৰ সংকটত জীৱকূল

এইদৰেই নিজৰ শালি ধানৰ খেতিত গৰু বান্ধিব লগীয়া হৈছে কৃষকে । কিন্তু নিৰ্বিকাৰ চৰকাৰ প্ৰশাসন। স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভ্ৰমনৰ পিচতেই তিনি/চাৰিদিনৰ সাহাৰ্য‍ লাভ কৰা এই সকল বন‍্যাৰ্তৰ সহায়ৰ বাবে এতিয়া নাই কোনো লোক । বন‍্যাৰ্তৰ শিবিৰ সমূহত খাদ‍্যৰ অভাৱ পৰিলক্ষিত হৈছে । নৈৰ পানী বৃদ্ধিৰ লগে লগে যাতায়াতৰ এক মাত্ৰ মাধ‍্যম নাওখনো বন্ধ হৈ পৰে । ভূটানৰ আকাশত মেঘ দেখিলেই আতংকিত হৈ পৰে এই সমূহ অঞ্চলৰ লোক । কাৰণ ভূটানত বৰষুণ পৰিলেই পানী নামি আহি প্লাৱিত হয় চিৰাং জিলাৰ এই বিস্তৃৰ্ণ অঞ্চল ।

খাদ্যৰ সংকটত জীৱকূল
বানৰ ফলত খাদ্যৰ সংকটত জীৱকূল
Last Updated : Aug 2, 2020, 3:28 PM IST

ABOUT THE AUTHOR

...view details