এহাজাৰ কোটি বান সাহাৰ্য বিচাৰি প্ৰধান মন্ত্ৰীলৈ পত্ৰ নৱ কুমাৰ শৰণীয়াৰ - assam news
চৰকাৰৰ অৱহেলাৰ বাবেই নামনি অসম তথা বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলত বান সমস্যাই বিধ্বংসী ৰূপ ধাৰণ কৰা বুলি মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই

চিৰাং, 27 জুলাইঃ অসমৰ বান সমস্যাৰ মূল কাৰণ চৰকাৰৰ সোপাঢিলা নীতি ৷ শনিবাৰে চিৰাঙৰ বানাক্ৰান্তৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি এনেদৰে মন্তব্য কৰিলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ লগতে কয়, একাংশ মন্ত্ৰী বিধায়কে বান সাহাৰ্য প্ৰদান কৰিবলৈ গৈ ভোট কাক দিছে প্ৰশ্ন কৰে ৷ নামনি অসম তথা বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চল যি ধৰণে বান সমস্যাই সাধাৰণ লোকক ক্ষতি কৰিছে তাত চৰকাৰৰ অৱহেলা মূলত দায়ী বুলিও মন্তব্য কৰে । চৰকাৰৰ দীৰ্ঘম্যাদী পৰিকল্পনা নথকাৰ বাবে বান তথা গৰাখহনীয়া সমস্যাৰ সমাধান হৈ উঠা নাই বুলি কয় সাংসদ গৰাকীয়ে ৷ যাৰ বাবে এহেজাৰ কোটি টকাৰ বান সাহায্য বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখে বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷