চিৰাং, 24 জুলাই :ৰাজ্যত বানপানীৰ কবলত পৰিছে প্ৰায় 28 খন জিলা ৷ শেহতীয়াভাৱে বানত ব্যাপকভাৱে প্ৰভাৱিত হৈছে ৰাজ্যৰ 74 টা ৰাজহ চক্ৰৰ মুঠ 2,634 খন গাঁও ৷ ৰাজ্যৰ অন্ন জিলাৰ লগতে চিৰাং জিলাতো বানপানীয়ে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে,জিলাখনত ক্ষতিগ্ৰস্ত হোৱা লোক সকলে আশ্ৰয় শিবিৰত বসবাস কৰিছে ৷
শুকুৰবাৰে চিৰাং জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ উক্ত অঞ্চলত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে বানাক্ৰান্তৰ বুজ লোৱাৰ উপৰিও সকলো প্ৰকাৰৰ সহায়-সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে ৷ দুপৰীয়া ১২ বজাত চিৰাং জিলাৰ আই নদীৰ ওপৰত থকা হাগ্ৰামা দলঙৰ উত্তৰে পলাংসুগুৰিত আই আৰু নাঙলভাঙা নদীৰ গৰাখহনীয়া আৰু ইয়াৰ প্ৰতিকাৰৰ বুজ লয় ৰাজ্যপাল গৰাকীয়ে । তাৰ পিচত পোনে পোনে মালিপাৰা এম ই স্কুলত থকা বন্যাৰ্তৰ আশ্ৰয় শিবিৰৰ বুজ লয় আৰু দঙাপেটা প্ৰাথমিক বিদ্যালয়ৰ শিবিৰ পৰিদৰ্শন কৰি সাহায্য সামগ্ৰী আৰু অন্যান্য পৰিস্থিতিৰ বিষয়ে বুজ লয় ৰাজ্যপাল গৰাকীয়ে ।