চিৰাং,১০ জুলাইঃ চিৰাঙত ফেনে ফুটুকাৰে বাঢ়িছে আই নদীৰ পানী। বৰ্তমান আই নদীৰ কৱলত চিৰাঙৰ কেবাখনো গাঁও। জিমাখনৰ আই নদীৰ উত্তৰ পাৰৰ মাদাৰপুৰ,নাথুৰবাৰী আৰু ডেবৰবিল গাঁৱৰ দৃশ্য এয়া।
চিৰাঙত আইৰ তাণ্ডৱঃ উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল - আই নদীৰ পানী
গাঁওকেইখনৰ ইতিমধ্যে দুই শতাধিক পুখুৰি ডুবি মাছ ওলাই গৈছে। বিনষ্ট হৈছে সমগ্ৰ খেতি পথাৰ। পশুধনৰ সৈতে গাঁওবাসীয়ো আবদ্ধ হৈ পৰিছে বৰ্তমান আবদ্ধ পানীৰ মাজত। কিন্তু পৰিতাপৰ বিষয় যে এতিয়ালৈ বানপানীত আৱদ্ধ গাঁও কেইখনলৈ যোৱা নাই কোনো চৰকাৰী সাহাৰ্য
নৈৰ পানী বাঢ়ি অহাৰ ফলত সম্পূৰ্ণ বন্ধ হৈ পৰিছে নাওঁ চলাচল সেৱা। বানপানীত আবদ্ধ হৈ পৰিছে কেবাখনো গাঁৱৰ লোক। বিগত তিনিদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বুধবাৰে পুৱতি নিশাৰ পৰাই ভূটানৰ পানী নামি আহি বানপানীৰ সৃষ্টি কৰিছে। গাঁওকেইখনৰ ইতিমধ্যে দুই শতাধিক পুখুৰি ডুবি মাছ ওলাই গৈছে। বিনষ্ট হৈছে সমগ্ৰ খেতি পথাৰ। পশুধনৰ সৈতে গাঁওবাসীয়েও আবদ্ধ হৈ পৰিছে বৰ্তমান আবদ্ধ পানীৰ মাজত। কিন্তু পৰিতাপৰ বিষয় যে এতিয়ালৈ বানপানীত আৱদ্ধ গাঁও কেইখনলৈ যোৱা নাই কোনো চৰকাৰী সাহাৰ্য। ইয়াৰোপৰি উক্ত স্থানত কোনো ধৰণৰ উদ্ধাৰকাৰী দলো উপস্থিত হোৱা নাই বুলি জনাইছে গাঁওবাসীয়ে।