চিৰাং, 25 এপ্ৰিল : চিৰাঙৰ বিজনীৰ উত্তৰে লক্ষীঝোৰাত বিঘাই বিঘাই খেতি কৰি এতিয়া বিপাঙত পৰিছে কৃষকসকল । ক'ৰণা মহামাৰীৰ ফলত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ এখন বজাৰ লাভ কৰা নাই কৃষক সকলে। যাৰ ফলস্বৰূপে বাহিৰৰ পৰা বেপাৰী অহা নাই কৃষকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈ । উল্লেখযোগ্য যে, কেইজনমান কৃষকে চৰকাৰী ঋণলৈ খেতি কৰিছে যদিও এতিয়া পুনৰ লক ডাউন হোৱাৰ ভয়তে কৃষি কাৰ্য আধাতে সামৰিছে ।
ইপিনে জিলাখনত কৃষি বিভাগটো নামত আছে যদিও কৃষকৰ কোনো কামতে অহা নাই বুলি একাংশ কৃষকে অভিযোগ উত্থাপন কৰিছে । অভিযোগ অনুসৰি কৃষকৰ খেতি পথাৰত বেমাৰ ধৰিছে যদিও কৃষি ভূমিত কিটনাশক প্ৰদানৰ সুবিধা বা পৰামৰ্শ লাভ কৰা নাই কৃষকে ।