চিৰাং, 18 মে‘ : চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং গৰাইমাৰী অঞ্চলৰ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ । লক ডাউনৰ ফলত কৃষক সকলৰ পাচলি পথাৰতে গেলি পচি যাবলৈ ধৰিছে । চিৰাং জিলাৰ বিজনীৰ অন্তৰ্গত ২নং গৰাইমাৰী অঞ্চলত বিঘা বিঘা শাক-পাচলি খেতিতে নষ্ট হৈ যাব ধৰিছে । পথাৰতে নষ্ট হৈ যাব ধৰিছে লেচেৰা খেতি । কৃষকে এই লেচেৰা খেতিৰ পৰা এক কেজি লেছেৰাও বিক্ৰি কৰিব পৰা নাই বজাৰত ।
চিৰাং জিলাৰ একমাত্ৰ কৃষি প্ৰধান অঞ্চল গৰাইমাৰী । চৰকাৰে কৃষক সকলৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে যদিও এই অঞ্চল সমূহৰ কৃষক সকলক চৰকাৰী কোনোধৰণৰ আঁচনিয়ে ঢুকি নাপায় বুলিও অভিযোগ উত্থাপন কৰিছে কৃষকে । তদুপৰি লকডাউনৰ ফলত পাচলি বজাৰ সমূহ বন্ধ হৈ থকাৰ বাবেও এতিয়া মূৰে কপালে হাত দিব লগা হৈছে কৃষক ৰাইজে ।