চিৰাং,7 মাৰ্চ:এনডিএফবিৰ প্ৰাক্তন নেতা এম বাথা পুনৰ উগ্ৰপন্থী সংগঠনলৈ যোৱাৰ সন্দৰ্ভত প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰক দায়ী বুলি মন্তব্য কৰে এনডিএফবিৰ প্ৰাক্তন সভাপতি তথা বিপিএফৰ পাৰিষদ ছাইকং বসুমতাৰী ওৰফে বি ছাউৰাইগ্ৰাই ৷ বসুমতাৰীৰ মতে, এনডিএফবিৰ সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰ সমূহ উঠাই ল'ব নে নাই সেয়া প্ৰমোদ বড়োৰ চৰকাৰে জানিব ৷ তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব নোৱাৰি আনক দোষাৰোপ কৰি আছে ৷ এম বাথা সন্দৰ্ভত মোৰ হাতত কোনো তথ্য নাই ৷ গোচৰ উঠোৱা আৰু সদস্যসকলক সংস্থাপন দিয়াৰ দায়িত্ব চৰকাৰৰহে ৷ এইবুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বি ছাউৰাইগ্ৰাই ৷
এম বাথা সন্দৰ্ভত বি ছাউৰাইগ্ৰাৰ প্ৰতিক্ৰিয়া - প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰ
প্ৰাক্তন এনডিএফবি কেডাৰ এম বাথা পুনৰ উগ্ৰপন্থী সংগঠনলৈ যোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনডিএফবিৰ প্ৰাক্তন সভাপতি তথা বিপিএফৰ পাৰিষদ ছাইকং বসুমতাৰী ওৰফে বি ছাউৰাইগ্ৰাই ৷
![এম বাথা সন্দৰ্ভত বি ছাউৰাইগ্ৰাৰ প্ৰতিক্ৰিয়া এম বাথা সন্দৰ্ভত ছাইকং বসুমতাৰী ওৰফে বি ছাউৰাইগ্ৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10904447-66-10904447-1615095463228.jpg)
এম বাথা সন্দৰ্ভত ছাইকং বসুমতাৰী ওৰফে বি ছাউৰাইগ্ৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ
বি ছাউৰাইগ্ৰাৰ প্ৰতিক্ৰিয়া
শনিবাৰে কাজলগাঁৱত সংবাদ মাধ্যমৰ আগত এনডিএফবিৰ প্ৰাক্তন সভাপতি গৰাকীয়ে কয় যে, এম বাথাই ক'ত আছে, কি কৰি আছে সেয়া মই জ্ঞাত নহয় ৷ শান্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমি মূলসূঁতিলৈ অহাৰ সময়তে সংগঠন ভংগ কৰা হৈছে ৷ তেতিয়াৰ পৰা আমাৰ কোনো যোগাযোগ নাই ৷
লগতে পঢ়ক:অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথৰ টিকট লাভ