ৰাইজৰ কামত ৰজাঘৰীয়াৰ বাধা - চিৰাং
নাঙলভাঙা নৈৰ গৰাখহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ ওলাই আহিছিল চিৰাঙৰ নাঙলভাঙাৰ ৰাইজ । কিন্তু বিটিচিৰ নিচিমা সমষ্টিৰ পৰিষদীয় সদস্য নিৰ্মল কুমাৰ ব্ৰহ্মই আৰক্ষীৰ জড়িয়তে বাধা দি কাম বন্ধ কৰি দিয়াক লৈ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া
![ৰাইজৰ কামত ৰজাঘৰীয়াৰ বাধা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3971030-thumbnail-3x2-o.jpg)
ৰাইজৰ কামত ৰজাঘৰীয়াৰ বাধা
চিৰাং, 28 জুলাইঃ নাঙলভাঙা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিগত সময়ছোৱাত চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা নকৰাত নিশ্চিহ্ণ হোৱাৰ দিশত নাঙলভাঙা, জয়পুৰ,হুটহুটি,শিশুবাৰী আদি কেবাখনো গাঁও । চিৰাঙৰ নাঙলভাঙাত ভূটানৰ পৰা নামি অহা পানীৰ ধলে নাঙলভাঙা নৈত সৃষ্টি কৰিছে ভয়ংকৰ গৰাখহনীয়াইৰ । চৰকাৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দান বৰঙণিৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ । কিন্তু ইয়াৰ মাজতে দলে বলে বিটিচিৰ নিচিমা সমষ্টিৰ পৰিষদীয় সদস্য নিৰ্মল কুমাৰ ব্ৰহ্মই বাধা দিয়াৰ অভিযোগ ৰাইজৰ ৷
ৰাইজৰ কামত ৰজাঘৰীয়াৰ বাধা