অসম

assam

ETV Bharat / state

আৰক্ষীৰে সংঘৰ্ষত নিহত এজন এনডিএফবি কেডাৰ - আৰক্ষীৰে সংঘৰ্ষত নিহত এজন এনডিএফবি কেডাৰ

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দৈমালুপাৰাত সেনা-আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত নিহত হয় এজন এনডিএফবি (সংবিজিত) কেডাৰ ৷ নিহত কেডাৰজন এতিয়ালৈকে চিনাক্ত হোৱা নাই যদিও কেডাৰজনৰ পৰা মাৰনাস্ত্ৰসহ উদ্ধাৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷

আৰক্ষীৰে সংঘৰ্ষত নিহত এজন এনডিএফবি কেডাৰ
আৰক্ষীৰে সংঘৰ্ষত নিহত এজন এনডিএফবি কেডাৰ

By

Published : Jan 5, 2020, 11:12 PM IST

চিৰাং, 5 জানুৱাৰীঃ ৰাজ্যত সেনা-আৰক্ষীয়ে অব্যাহত ৰাখিছে বিদ্ৰোহী বিৰোধী অভিযান ৷ শেহতীয়াকৈ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী দৈমালুুপাৰাত সংঘটিত হোৱা এক সংঘৰ্ষত এনডিএফবি (সংবিজিত) গোটৰ এগৰাকী বিদ্ৰোহী নিহত হোৱাৰ লগতে মাৰনাস্ত্ৰসহ উদ্ধাৰ হৈছে বহুটো গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷

ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ তথা নথি-পত্ৰ

চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰা অনুসৰি, গোপন খবৰৰ ভিত্তিত শনিবাৰৰ নিশাৰ পৰাই ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলটোত সেনা-আৰক্ষীয়ে চলাইছিল অভিযান ৷ এই অভিযানৰ সময়তে দেওবাৰে দিনৰ ভাগত দৈমালুপাৰা বনাঞ্চলত এজন সন্দেহজনক লোকৰ সৈতে মুখামুখি হয় অভিযানকাৰী দলটোৰ ৷

সংঘৰ্ষত নিহত কেডাৰজন

অভিযানকাৰী দলটোৱে লোকজনক ৰখিবলৈ কোৱাত সেনা-আৰক্ষীলৈ লক্ষ্য কৰি গুলিচালনা কৰে লোকজনে ৷ প্ৰত্যুত্তৰ অভিযানকাৰী দলটোৱেও লোকজনলৈ গুলিচালনা কৰে ৷ অভিযানকাৰী দলটোৰ গুলিৰ ফলত লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক কাজলগাঁৱৰ জেএছবি চিকিৎসালয় ভৰ্তি কৰোৱা হয় ৷

সংঘৰ্ষৰ বিষয়ে ব্যক্ত কৰি থকা অৱস্থাত আৰক্ষী অধীক্ষক

অৱশ্যে চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰা হৈছে ৷ অভিযানকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল, দুটা গ্ৰেনেড, 15 জাঁই সজীৱ গুলি, পাঁচটা খালি কাৰ্টুজ, 4টা একে ছিৰিজৰ গুলিৰ খালী কাৰ্টুজ, নগদ 48,500 টকাৰ লগতে বহুটো গুৰুত্বপূৰ্ণ নথি-পত্ৰ উদ্ধাৰ কৰে ৷ সেনা-আৰক্ষীৰ গুলিত নিহত হোৱা লোকজন বিদ্ৰোহী সংগঠন এনডিএফবি (সংবিজিত) গোটৰ সদস্য বুলি জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ অৱশ্যে বিদ্ৰোহী সদস্য়গৰাকী এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ আনহাতে সমগ্ৰ অঞ্চলটোতে এতিয়াও সেনা-আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ দৈজিং উৎসৱত উপস্থিত মুখ্যমন্ত্ৰী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details