অসম

assam

ETV Bharat / state

চিৰাঙত বন্য়হস্তীৰ উপদ্ৰৱ - চিৰাঙত বন্য়হস্তীৰ উপদ্ৰৱ

বুধবাৰে নিশা মানাহ অভয়াৰণ্য়ৰ পৰা ওলাই অহা এটা বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাই বিজনীৰ ২ নং দৈলংঝাৰত । অঞ্চলটোৰ কেইবাটাও ঘৰ ভাঙি লণ্ড ভণ্ড কৰে হাতীৰ জাকটোৱে ।

চিৰাঙত বন্য়হস্তীৰ উপদ্ৰৱ
চিৰাঙত বন্য়হস্তীৰ উপদ্ৰৱ

By

Published : Jan 21, 2021, 8:23 PM IST

চিৰাং, ২১ জানুৱাৰী : চিৰাঙ জিলাত পুনৰ বনৰীয়া হাতীৰ প্ৰৱেশ জনবসতি অঞ্চলত । বুধবাৰে নিশা মানাহ অভয়াৰণ্য়ৰ পৰা ওলাই অহা এটা বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাই বিজনীৰ ২ নং দৈলংঝাৰত । অঞ্চলটোৰ কেইবাটাও ঘৰ ভাঙি লণ্ড ভণ্ড কৰে হাতীৰ জাকটোৱে । লগতে ঘৰত থকা চাউল খাই আৰু ঘৰৰ বিভিন্ন সামগ্ৰী বিনষ্ট কৰে বনৰীয়া হাতীয়ে ।

চিৰাঙত বন্য়হস্তীৰ উপদ্ৰৱ

অঞ্চলটোৰ নিৰেন বৰ্মন নামৰ লোকজনৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰাত পৰিয়ালটোৰ আশ্ৰয় নোহোৱা হয় । ইফালে গাওঁখনৰ প্ৰভাত বৰ্মনৰ বাগানৰ ১০০ ৰো অধিক তামোল গছ ভাঙি পেলাই । ঘটনাৰ পিছতে দিশহাৰা পৰিয়ালকেইটাই চৰকাৰক ক্ষতিপূৰণৰ দাবী জনায় ।

চিৰাঙত বন্য়হস্তীৰ উপদ্ৰৱ

বিভিন্ন সময়ত এনেদৰে হাতীয়ে উপদ্ৰৱ চলাই আহিছে অঞ্চলটোত । কিন্তু বন্য়হস্তীৰ উপদ্ৰৱৰ কথা বাৰে বাৰে বন বিভাগক জনোৱা হৈছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক :বৰপেটাৰ চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ আৰম্ভ

ABOUT THE AUTHOR

...view details