কোকৰাজাৰত প্ৰমীলাৰাণীৰ বিজয় নিশ্চিতঃ পানীৰাম ব্ৰহ্ম - chirang
শুকুৰবাৰে চিৰাঙত ইউ পি পি এল আৰু সাংসদ নৱ শৰনীয়াৰ সমৰ্থক অবড়ো সুৰক্ষা সমিতিৰ ৪৪৯ জন পুৰুষ-মহিলাই আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান ৷
![কোকৰাজাৰত প্ৰমীলাৰাণীৰ বিজয় নিশ্চিতঃ পানীৰাম ব্ৰহ্ম](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2915597-thumbnail-3x2-jagirodjpg.jpg)
চিৰাঙত ৪৪৯ জন পুৰুষ-মহিলাই বিপিএফত যোগদান
চিৰাং,5এপ্ৰিল: শুকুৰবাৰে চিৰাঙত ইউ পি পি এল আৰু সাংসদ নৱ শৰনীয়াৰ সমৰ্থক অবড়ো সুৰক্ষা সমিতিৰ ৪৪৯ জন পুৰুষ-মহিলাই আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে । চিৰাং জিলা বিপিএফ কাৰ্যালয়ত অনুষ্ঠিত সদস্য ভৰ্তি অনুষ্ঠানত চিৰাং জিলা বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাত এই লোকসকলে বিপিএফত যোগদান কৰে । বিপিএফৰ কেইবাজনো নেতা উপস্থিত থকা এই অনুষ্ঠানত বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্মই কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত মন্তব্য কৰে ৷
চিৰাঙত ৪৪৯ জন পুৰুষ-মহিলাই বিপিএফত যোগদান