চিৰাং, ২ চেপ্তেম্বৰঃ বুধবাৰে চিৰাং জিলাৰ বিজনী আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত পুৰান বিজনী শাখা ছাত্ৰ সন্থা আৰু গৰিয়া মৰিয়া জাতীয় পৰিষদৰ সহযোগত পৃথকে পৃথকে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰে ।
'কা' ৰ বিৰোধিতাৰে বিজনীত দুই সংগঠনৰ প্ৰতিবাদ - Chirang effigy burn against CAA
চিৰাঙৰ বিজনীত পৃথকে পৃথকে আছু-গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধাচৰণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে সংগঠন কেইটাই ৷
Chirang effigy burn against CAA
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰি অসমত যি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ বিচাৰিছে তাৰ প্ৰতিবাদত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰা এমাহ যোৰা প্ৰতিবাদী কাৰ্যসূচীৰ আজি পঞ্চম দিনাও বিজনীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল । প্ৰতিবাদত সকলোৱে বিজেপি চৰকাৰ মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, বাংলাদেশীৰ দালাল মূৰ্দাবাদ, অমিত শ্বাহ মূৰ্দাবাদ আদি শ্ল'গানেৰে বিজনী উত্তাল কৰি তোলে ৷