চিৰাং,6 জানুৱাৰীঃঅসম পৰ্যটন বিভাগ আৰু বিটিচি পৰ্যটন বিভাগৰ যৌথ উদ্যোগত অসমৰ জনজাতীয় খাদ্য,সাজ-পোচাক,কলা-কৃষ্টি আৰু সংস্কৃতিকৰ লগতে বিটিচিৰ বিভিন্ন পৰ্যটনস্থলীসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেই হ’ল দৈজিং মহোৎসৱ ৷ দৈজিং শব্দটো মূলত বড়ো ভাষাৰ দুটা শব্দৰ মিশ্ৰণ ৷ দৈ মানে পানী আৰু জিং মানে পাৰ ৷ অৰ্থাৎ নৈ পাৰ আৰু তাৰ পৰাই নৈ পৰীয়া উৎসৱ ৷ 2016 চনৰ পৰাই অনুষ্ঠিত দৈজিং মহোৎসৱে এইবেলি ভৰি দিছে চতুৰ্থ বৰ্ষত ৷পৰ্যটন বিভাগে এই উৎসৱক কেলেণ্ডাৰ উৎসৱ হিচাবে চিহ্নিত কৰি প্ৰতিবছৰেই ডিচেম্বৰ মাহৰ ২৭ তাৰিখৰ পৰা ৭ জানুৱাৰীলৈ অনুষ্ঠিত কৰে দৈজিং মহোৎসৱ ৷ মহোৎসৱস্থলীত ৰাইজক আকৰ্ষণৰ বাবে আছে থলুৱা খাদ্যৰ বিপনী,বস্ত্ৰ বিপনীৰ লগতে বিভিন্ন দুঃসাহসিক ক্ৰীড়া বিশেষকৈ হেলিকপ্তাৰ ৰাইডিং,হট বেলুন, পেৰাগ্লাইডিঙ,হাতী-ঘোঁৰা ছাফাৰীৰ লগতে থাকে বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰো সুবিধা ৷
দৈজিং মহোৎসৱে আশাৰ বতৰা আনিছেনে বিটিচি পৰ্যটনলৈ ? - অসম পৰ্যটন
দৈজিং মহোৎসৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজন আমটেকাৰ কালামাটী অঞ্চলৰ পৰ্যটন ক্ষেত্ৰক উজলাই তুলিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে পৰ্যটন বিভাগে ৷ কিন্তু ইয়াৰ বিপৰীতে মহোৎসৱখনে পৰ্যটন ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢ়াব পৰা নাই যাৰ ফলত এতিয়া পৰ্যাপ্ত পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰাত ব্যৰ্থ হৈছে পৰ্যটন বিভাগ ৷
উল্লেখ্য যে, দৈজিং মহোৎসৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজন আমটেকাৰ কালামাটী অঞ্চলৰ পৰ্যটন ক্ষেত্ৰক উজলাই তুলিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে পৰ্যটন বিভাগে ৷ কিন্তু ইয়াৰ বিপৰীতে মহোৎসৱখনে পৰ্যটন ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢ়াব পৰা নাই যাৰ ফলত এতিয়া পৰ্যাপ্ত পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰাত ব্যৰ্থ হৈছে পৰ্যটন বিভাগ ৷ আনহাতে, মহোৎসৱখনৰ ফলত ইয়াৰ দাতি-কাষৰীয়া অঞ্চলসমূহৰো কোনোধৰণৰ উন্নয়ন নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ মহোৎসৱস্থলীত স্থানীয় লোকক কৰ্ম সংস্থাপন প্ৰদানৰ কোনে ব্যৱস্থা গ্ৰহণ কৰা নাই উদ্যোক্তাই ৷
ইয়াৰ উপৰিও মহোৎসৱ স্থলীত মুক্তভাৱে বিক্ৰী হোৱা সুৰা বা জুৱা খেলে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ ৰাইজৰ ৷ ইতিমধ্যে এই বিশাল মহোৎসৱখনত কৰা ব্যয় তথা ইয়াৰ পৰা লাভ কৰা আয়ৰ বিষয়ে বহুবাৰ আৰ টি আই কৰা হৈছিল যদিও তাৰ উত্তৰ দিবলৈ ব্যৰ্থ পৰ্যটন বিভাগ ৷ অৱশ্যে পৰ্যটন ক্ষেত্ৰখনত বৰ্তমান সময়লৈকে দৈজিং মহোৎসৱে বিশেষ অৱদান আগবঢ়াব নোৱাৰিলেও ভৱিষ্যতে ই অসম তথা বিটিচিৰ পৰ্যটন ক্ষেত্ৰত এক সূদুৰ প্ৰসাৰী প্ৰভাৱ পেলাৱ বুলি আশাবাদী পৰ্যটন বিভাগ তথা উদ্যোক্তাসকল ৷