অসম

assam

ETV Bharat / state

সাংসদ নৱ শৰণীয়া নিচাসক্ত লোকঃ প্ৰমীলাৰাণী ব্ৰহ্ম - দৈজিং মহোৎসৱ

শনিবাৰে দৈজিং মহোৎসৱৰ বাকৰিত উপস্থিত হয় মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ৷ ব্ৰহ্মই দৈজিং সম্পৰ্কে সাংসদ নৱ কুমাৰ শৰণীয়াই কৰা মন্তব্যৰ কঠোৰ সমালোচনা কৰে ৷ উল্লেখ্য যে, ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ১২ দিনীয়া দৈজিং মহোৎসৱ বৰ্জনৰ আহ্বান জনাইছিল সাংসদ শৰণীয়াই ৷

দৈজিং মহোৎসৱ 2019
12 দিনীয়া কাৰ্যসূচীৰে দৈজিং মহোৎসৱ

By

Published : Dec 28, 2019, 11:18 PM IST

চিৰাং,28 ডিচেম্বৰঃশনিবাৰে দৈজিং মহোৎসৱৰ দ্বিতীয় দিন ৷ আই নদীৰ পাৰত অনুষ্ঠিত হোৱা এই মহোৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি তেনেই সেৰেঙা পৰিলক্ষিত হয় ৷ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই শনিবাৰে দৈজিঙৰ বাকৰিত উপস্থিত হয় ৷ ব্ৰহ্মই দৈজিং সম্পৰ্কে সাংসদ নৱ কুমাৰ শৰণীয়াই কৰা মন্তব্যৰ কঠোৰ সমালোচনা কৰে ৷ উল্লেখ্য যে,২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ১২ দিনীয়া দৈজিং মহোৎসৱ বৰ্জনৰ আহ্বান জনাইছিল সাংসদ শৰণীয়াই ৷ লগতে সমীপৱৰ্তী মানাহৰ পৰা অনা হৰিণা মাংসৰ ভোজ চলা বুলি অভিযোগ উত্থাপন কৰিছিল সাংসদ গৰাকীয়ে ৷ মুকলিকৈ সুৰা বিক্ৰী আৰু জুৱাৰ আড্ডা চলাৰ কথাও উল্লেখ কৰিছিল নৱ শৰণীয়াই । একে অভিযোগ উত্থাপন কৰিছিল এবছুৰ চিৰাং জিলা সমিতিৰ সভাপতি খনীন্দ্ৰ বসুমতাৰীয়ে ৷

12 দিনীয়া কাৰ্যসূচীৰে দৈজিং মহোৎসৱ
দৈজিং মহোৎসৱ 2019

ইপিনে সাংসদ গৰাকীৰ কথাত খড়্গহস্ত হৈ পৰে মন্ত্ৰী ব্ৰহ্ম ৷ সকলো অভিযোগ নসাৎ কৰি ব্ৰহ্মই কয়, "সাংসদ নৱ শৰণীয়া নিচাসক্ত লোক, পূৰ্বে হাবিত থাকোতে হৰিণা মাৰি খাইছে আৰু এতিয়া কাউৰীয়ে গাখীৰত গা ধুই বগা হোৱাৰ দৰে নিজকে শুদ্ধ বুলি ভাবিবলৈ লৈছে "৷ দৈজিং উৎসৱ বিগত বৰ্ষৰ তুলনাত এইবাৰ ভাল হোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷

দৈজিঙৰ বাকৰিত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

অসম তথা বিশ্বক পৰিচয় কৰাই দিব পৰাকৈ আই নদীৰ বালিচৰত আকৰ্ষণীয়ভাৱে দৈজিং মহোৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে নিশা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে । অসম আৰু বি টি চি পৰ্যটন বিভাগৰ সহযোগত চিৰাং জিলা প্ৰশাসনে আয়োজন কৰা এই উৎসৱত বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা,সংস্কৃতি আৰু খাদ্যসম্ভাৰৰ ব্যৱস্থা ৰখা হৈছে ৷ নামনি অসম বিশেষকৈ বি টি চি ৰ পৰ্যটন বিভাগক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে এই দৈজিং উৎসৱ আয়োজন কৰা হৈছে ৷

লগতে চাওকঃপৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত গোলাঘাটৰ চৌকানা বিল

ABOUT THE AUTHOR

...view details