অসম

assam

ETV Bharat / state

দৈজিং মহোৎসৱৰ মনোমোহা পৰিৱেশত অনুষ্ঠান পৰিৱেশন বলীউডৰ শিল্পীৰ - mika singh

12 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিৰাঙৰ দৈজিং মহোৎসৱত সমাহাৰ ঘটিছে বলীউডৰ নামী দামী তাৰকাৰ ৷ নীতি মোহন,বাচ্চা য়াদৱ আৰু মিকা সিঙৰ সংগীতৰ অনুষ্ঠানে মুগ্ধ কৰে উপস্থিত সহস্ৰাধিক দৰ্শক তথা অনুৰাগীক ।

দৈজিং মহোৎসৱ
12 দিনীয়া কাৰ্যসূচী

By

Published : Jan 5, 2020, 4:43 AM IST

Updated : Jan 5, 2020, 9:29 AM IST

চিৰাং,5 জানুৱাৰীঃ ক্ৰমাৎ মনোমোহা হৈ উঠিছে চিৰাঙৰ আই নদীৰ পাৰ ৷ 12 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিৰাঙৰ দৈজিং মহোৎসৱত সমাহাৰ ঘটিছে বলীউডৰ নামী দামী তাৰকাৰ ৷ নীতি মোহন,বাচ্চা য়াদৱ আৰু মিকা সিঙৰ সংগীতৰ অনুষ্ঠানে মুগ্ধ কৰে উপস্থিত সহস্ৰাধিক দৰ্শক তথা অনুৰাগীক । প্ৰচণ্ড শীতকো নেওচি হাজাৰ-হাজাৰ লোকে উপভোগ কৰিলে শিল্পীসকলৰ সংগীতানুষ্ঠান ।

মনোমোহা দৈজিং মহোৎসৱ

উল্লেখ্য যে,অনুষ্ঠানৰ শেষত নীতি মোহনে জয় আই অসম ধ্বনি দি জয় কৰে ৰাইজৰ মন ৷ সম্প্ৰতি দৈজিং মহোৎসৱক কেন্দ্ৰ কৰি জিলাখনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ চাপাগুৰি,ঢালিগাঁও আৰু বঙাইগাঁওৰ পথসমূহত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ ৷ কিন্তু নিশা প্ৰায় ১১.৩০ বজাত অহা বতাহ বৰষুণজাকে কিছু পৰিমাণে ম্লান কৰে দৈজিঙৰ মাদকতা ৷

মিকা সিঙৰ অনুষ্ঠান পৰিৱেশন

লগতে চাওকঃপশ্চিমবংগৰ বৰ্ধমান ৰে’ল ষ্টেচনত প্ৰৱেশদ্বাৰ খহি চাৰিজন আহত

Last Updated : Jan 5, 2020, 9:29 AM IST

ABOUT THE AUTHOR

...view details