অসম

assam

ETV Bharat / state

সামৰণি পৰিল বাৰেৰহণীয়া দৈজিং উৎসৱ - দৈজিং উৎসৱৰ সামৰণি

চিৰাঙৰ আই নদীৰ পাৰত 27 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা 12 দিনীয়া এই দৈজিং উৎসৱৰ সামৰণি পৰে 7 জানুৱাৰী তাৰিখে

Chirang Dwijing Festival ending ceremony
বাৰেৰহণীয়া দৈজিং উৎসৱ

By

Published : Jan 8, 2020, 4:01 PM IST

চিৰাং,8 জানুৱাৰীঃ বুধবাৰে সামৰণি পৰিল,চিৰাঙৰ দৈজিং উৎসৱ ৷ শেষৰ দিনাও লোকে লোকাৰণ্য হৈ পৰিল দৈজিঙৰ বাকৰি ৷ দৈজিং উৎসৱত দেশ বিদেশৰ পৰ্যটকৰ পৰা আৰম্ভ কৰি নিতৌ লক্ষাধিক লোকে অংশগ্ৰহণ কৰিছিল ৷

দৈজিং উৎসৱৰ সামৰণি

বিভিন্ন বাৰেৰহণীয়া অনুষ্ঠানেৰে সামৰণি পৰা শেষ নিশাৰ অনুষ্ঠানত ভাগ ল'লে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী কৃষ্ণমণি চুতীয়াসহ নেপালৰ পৰা আমন্ত্ৰিত শিল্পী সকলে ৷ ইফালে নিশাৰ সাংস্কৃতিক অনুষ্ঠানত বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিল অসমৰ পৰ্যটন মন্ত্ৰী তথা চিদলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্ম ৷ বিধায়ক গৰাকীয়ে ভালে সংখ্যক ন পুৰণি বড়ো গীত পৰিৱেশন কৰি সামৰণি মাৰে এই দৈজিং উৎসৱৰ ৷

লগতে পঢ়কঃকংগনাই কি ক'লে চপ্পকৰ ট্ৰেইলাৰৰ বিষয়ে ?

ABOUT THE AUTHOR

...view details