চিৰাং, 28 ডিচেম্বৰ :বিগত প্ৰায় 4 বছৰৰ পৰা চিৰাঙৰ আই নদীৰ পাৰত অনুষ্ঠিত হৈ আহিছে দৈজিং মহোৎসৱ ৷ আই নদীৰ ওপৰত থকা হাগ্ৰামা দলঙৰ সমীপত অনুষ্ঠিত এই মহোৎসৱলৈ আগমন ঘটে বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ ৷ প্ৰতিবছৰে 27 ডিচেম্বৰৰ পৰা 12 দিনীয়াকৈ অনুষ্ঠিত হৈছিল এই মহোৎসৱ ৷ অসম চৰকাৰ আৰু বিটিচি চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত এই দৈজিং মহোৎসৱে বিগত বৰ্ষত বিভিন্ন শিতানত এছিয়াৰ ভিতৰত পাঁচটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷
উল্লেখ্য যে, বিগত বৰ্ষসমূহত এই মহোৎসৱলৈ প্ৰতিদিনে সোঁত বৈছিল লক্ষাধিক লোকৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বহুকেইগৰাকী বলীউডৰ তাৰকাৰ সমাগম ঘটিছিল এই অনুষ্ঠানলৈ ৷ এই মহোৎসৱত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ লগতে মুক্তভাৱে দেশী-বিদেশী সুৰাৰ লগতে যৌনতাৰ বেহা চলাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল এবছুকে ধৰি বিভিন্ন দল-সংগঠনে ৷ কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়ায়েও ইয়াৰ বিৰোধিতা কৰিছিল ৷