অসম

assam

ETV Bharat / state

দৈজিঙৰ বাকৰিত দেওবাৰে অনুষ্ঠিত ৰাইডাৰ্চ মিট

দেওবাৰে দৈজিঙৰ বাকৰিত অনুষ্ঠিত হয় ৰাইডাৰ্চ মিট ৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰয়েল এন্​ফিল্ড ৰাইডাৰ্চৰ লগত জড়িত যুৱক-যুৱতীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । উল্লেখ্য যে,বাৰদিনীয়া দৈজিং মহোৎসৱ 7 জানুৱাৰীত সামৰণি পৰিব ৷

দৈজিং মহোৎসৱ
বহিঃৰাজ্যৰ ৰাইডাৰ্চৰ অংশগ্ৰহণ

By

Published : Jan 6, 2020, 3:43 AM IST

চিৰাং,5 জানুৱাৰীঃ ন ন আকৰ্ষণীয় কাৰুকাৰ্যৰে দৰ্শকক মোহিত কৰিছে চিৰাঙত অনুষ্ঠিত দৈজিং মহোৎসৱে ৷ দেওবাৰে দৈজিঙৰ বাকৰিত অনুষ্ঠিত হয় ৰাইডাৰ্চ মিট ৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰয়েল এন্​ফিল্ড ৰাইডাৰ্চৰ লগত জড়িত যুৱক-যুৱতীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । লগতে নেপাল,ভূটান,বাংলাদেশ আদিৰ পৰাও এই অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে বহুসংখ্যক যুৱক-যুৱতী আহে ৷

ৰাইডাৰ্চৰ দলটো

আনহাতে,দৈজিং ৰাইডাৰ্চৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দৈজিং মহোৎসৱ আয়োজক সমিতিৰ সম্পাদক অশোক ব্ৰহ্মই ৷ ব্ৰহ্মই লগতে জনায় যে,প্ৰায় 250 গৰাকী যুৱক-যুৱতীয়ে ইয়াত অংশ গ্ৰহণ কৰিছে ৷

বি টি চি পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্ব

দলটোৱে প্ৰথমে মানাহৰ লগত সংযোজিত কালামাটিৰ লগতে কোকৰাঝাৰ তথা বি টি চি ৰ বিভিন্ন পৰ্যটনস্থলীলৈ যাব । উল্লেখ্য যে,বাৰদিনীয়া দৈজিং মহোৎসৱ 7 জানুৱাৰীত সামৰণি পৰিব ৷ এই মহোৎসৱে বি টি চি পৰ্যটনৰ ক্ষেত্ৰত অনাগত সময়ত এক ধনাত্মক প্ৰভাৱ পেলাব বুলি আশা কৰিব পৰা যায় ৷

বহিঃৰাজ্যৰ ৰাইডাৰ্চৰ অংশগ্ৰহণ

লগতে চাওকঃদৈজিং উৎসৱত উপস্থিত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details