অসম

assam

চিৰাঙৰ দুই সমষ্টিৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ

By

Published : Nov 19, 2020, 6:54 AM IST

বুধবাৰে চিৰাং জিলা প্ৰশাসনে প্ৰকাশ কৰিছে দুখনকৈ ভোটাৰ তালিকা ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত গৌতম তালুকদাৰে প্ৰকাশ কৰে দুয়োখন খচৰা ভোটাৰ তালিকা ৷

চিৰাঙৰ দুই সমষ্টিৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ
চিৰাঙৰ দুই সমষ্টিৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ

চিৰাং, 19 নবেম্বৰ :বিধানসভা নিৰ্বাচনৰ পূৰ্বেই চিৰাঙৰ দুই সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে ৷ ভাৰতৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি জিলাখনৰ 31নং চিদলী(জনজাতি) আৰু 33 নং বিজনী (মুকলি) বিধানসভা সমষ্টিৰ 2021 বৰ্ষৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ।

এই উপলক্ষে চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত আয়োজিত সভাত চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰে দুয়োখন তালিকা প্ৰকাশ কৰে ৷ জিলাখনৰ 31 নং চিদলী বিধানসভা সমষ্টিত মুঠ ভোটাৰ হৈছে 2,05,782 জন । ইয়াৰে পুৰুষ ভোটাৰ 1,02,441 জন আৰু মহিলা ভোটাৰ 1,03,336 গৰাকী । তৃতীয় লিংগৰ ভোটাৰ পাঁচজন ।

ইপিনে জিলাখনৰ বিজনী মহকুমাধিপতি কাৰ্যালয়ত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে প্ৰকাশ কৰা মতে, 33 নং বিজনী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,56,087 জন । ইয়াৰে পুৰুষ ভোটাৰ 79,222 জন আৰু মহিলা ভোটাৰ 76,865 গৰাকী । সমষ্টিটোত মুঠ ভোট কেন্দ্ৰ হৈছে 202 টা । আগন্তুক 2021 চনৰ 15 জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতিয়ে ।

লগতে পঢ়ক :ৰাজ্যত আকস্মিকভাৱে বৃদ্ধি নিবনুৱাৰ হাৰ

ABOUT THE AUTHOR

...view details