অসম

assam

ETV Bharat / state

ড্ৰেগন ফলৰ খেতিৰে আত্মনিৰ্ভশীলতাৰ নিদৰ্শন যুৱকৰ - আকবৰ আলী আহমেদ

চিৰাঙত ড্ৰেগন ফলৰ খেতিৰে চমক শিক্ষিত যুৱক আকবৰ আলী আহমেদৰ। জিলাখনৰ মোজাবাৰীৰ দেউলগুৰিত ড্ৰেগন ফলৰ লগতে অন‍্যান‍্য খেতিত মনোনিবেশ যুৱকজনৰ।

ড্ৰেগন ফলৰ খেতিৰে আত্মনিৰ্ভশীলতাৰ নিদৰ্শন যুৱকৰ
ড্ৰেগন ফলৰ খেতিৰে আত্মনিৰ্ভশীলতাৰ নিদৰ্শন যুৱকৰ

By

Published : Jun 27, 2020, 2:02 AM IST

Updated : Jun 27, 2020, 7:38 AM IST

চিৰাং, 27 জুনঃ লক ডাউনৰ সময়ত বিভিন্ন ক্ষেত্ৰৰ লোক দিশহাৰা হৈ পৰিছে,হেৰুৱাইছে অৰ্থনীতিক সংস্থাপন ৷ তেনে সময়তে আশাৰ বতৰা কঢ়িয়াইছে চিৰাং জিলাৰ এজন শিক্ষিত যুৱকে ৷ মোজাবাৰীৰ দেউলগুৰি গাঁৱত বাস কৰা যুৱকজনৰ নাম আকবৰ আলী আহমেদ ৷

ড্ৰেগন ফল

তেওঁ YouTube ৰ পৰা কৃৰ্ষি কৰ্মৰ বিষয়ে সাম্যক জ্ঞান লৈ নিজ গাঁৱত আৰম্ভ কৰিছে ড্ৰেগন ফলৰ খেতি ৷ কেৱল ড্ৰেগন ফলেই নহয়,লগতে আছে আন আন ফল আৰু অন্যান্য পাচলিৰ খেতিতো মনোনিৱেশ কৰিছে যুৱকজনে ৷

ড্ৰেগন ফলৰ খেতিৰে আত্মনিৰ্ভশীলতাৰ নিদৰ্শন যুৱকৰ

গুজৰাটৰ পৰা ড্ৰেগন ফলৰ পুলি সংগ্ৰহ কৰি প্ৰথমে আধাবিঘা মাটিত এই খেতি আৰম্ভ কৰে যুৱকজনে ৷ প্ৰতিকেজিত এই ফলৰ মূল্য 500 টকাকৈ বিক্ৰী কৰাৰ লগতে চাহিদাও অধিক হৈ পৰিছে বুলি জানিবলৈ দিয়ে যুৱকজন ৷

ড্ৰেগন ফলৰ খেতিৰে আত্মনিৰ্ভশীলতাৰ নিদৰ্শন যুৱকৰ

চাকৰিৰ বাবে ৰৈ নাথাকি নিজৰ কৰ্ম উদ্যমেৰে এইদৰে নতুনকৈ ফলৰ কৃষি আৰম্ভ কৰা কাৰ্যক একেমুখে শলাগিছে বহু লোকে ৷

আকবৰ আলী আহমেদ

লগতে পঢ়কঃ বন্ধ ফেৰী সেৱা : ফুলদানি ৰূপত কোটি টকীয়া ৰ'ৰ জাহাজ

Last Updated : Jun 27, 2020, 7:38 AM IST

ABOUT THE AUTHOR

...view details