অসম

assam

ETV Bharat / state

চিৰাঙত গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অভিবৰ্ত্তন - চিৰাং জিলা গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অভিৱৰ্তন

দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে চিৰাং জিলা গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অভিবৰ্ত্তন । অনুষ্ঠানত অংশ গ্ৰহণ বিটিআৰৰ ডি আই জি ভায়োলেট বৰুৱাৰ ।

চিৰাং
চিৰাঙত গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অভিৱৰ্তন

By

Published : Feb 16, 2020, 11:33 PM IST

চিৰাং, 16 ফেব্ৰুৱাৰীঃচিৰাং জিলা গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অভিবৰ্ত্তন দেওবাৰে দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় বাসুগাঁৱত । জিলাখনৰ বাসুগাঁও পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অভিবৰ্ত্তনত বিটিআৰৰ ডি আই জি ভয়োলেট বৰুৱাই অংশগ্ৰহণ কৰে ।

চিৰাঙত গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অভিৱৰ্তন

দেওবাৰে অভিবৰ্ত্তনৰ প্ৰথম কাৰ্যসূচীত পুৱা ৮ বজাত পতকা উত্তোলন কৰে বাসুগাঁও উচ্চতৰ মাধ্যমিকৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শ্ৰীযুত লোকনাথ বৰ্মনে । আনহাতে, ১২ বজাত মুকলি সভা অনুষ্ঠিত হয় বাসুগাঁও উচ্চতৰ মাধ্যমিকৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শ্ৰীযুত লোকনাথ বৰ্মনৰ সভাপতিত্বত । মুকলি সভাত আৰক্ষী উপ মহাপৰিদৰ্শক শ্ৰীযুক্তা ভায়োলেট বৰুৱা উপস্থিত থকাৰ লগতে চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ, জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং, ঢালিগাঁও থানা সমিতিৰ সভাপতি আব্দুল কুদ্দুছ সৰকাৰ সহ অন্যান্য গন্য-মান্য লোক উপস্থিত থাকে । কাৰ্যসূচীত জিলাখনৰ মুঠ তিনিশটা গাঁওৰক্ষী বাহিনীৰ লোকে উপস্থিত থাকে । বিটিআৰৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক ভায়োলেট বৰুৱাই জনায় যে বিটিচি নিৰ্বাচন সন্দৰ্ভত ইতিমধ্যে কামকাজ আৰম্ভ হৈছে । আৰক্ষীয়ে এই ক্ষেত্ৰত নিৰাপত্তাৰ দিশত লক্ষ্য ৰাখিছে ।

চিৰাঙত গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অভিৱৰ্তন

উল্লেখ্য যে, গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্টা দিৱস যোৱা ২৯ জানুৱাৰী আছিল যদিও প্ৰধান মন্ত্ৰীৰ কোকৰাঝাৰ জিলা ভ্ৰমনৰ বাবে অনুষ্ঠানটি পিচুৱাই দেওবাৰে অনুষ্ঠিত কৰে চিৰাং জিলা আৰক্ষী প্ৰশাসনে ।

আৰু পঢ়কঃ ৰোগীক কান্ধত কঢ়িয়াই অনা চিকিৎসক ডাঃ দুলেন বৰা

ABOUT THE AUTHOR

...view details