অসম

assam

ETV Bharat / state

এসপ্তাহ ধৰি অন্ধকাৰত চিৰাং জিলাৰ সদৰ কাজলগাঁও

চিৰাং জিলাৰ সদৰ কাজলগাঁৱত এসপ্তাহে নাই বিদ্যুত যোগান ৷ প্ৰহসনত ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান ৷

এসপ্তাহ ধৰি অন্ধকাৰত চিৰাং জিলাৰ সদৰ কাজলগাঁও
এসপ্তাহ ধৰি অন্ধকাৰত চিৰাং জিলাৰ সদৰ কাজলগাঁও

By

Published : May 1, 2021, 12:04 PM IST

চিৰাং, 1 মে': চিৰাং জিলাত কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ থকা জিলা কেন্দ্ৰ সদৰ কাজলগাঁও এসপ্তাহৰ পৰা বিদ্যুতহীন ভাৱেই চলিছে । গড়কপ্তানি, ডিআৰডিএ, শিক্ষা, স্বাস্থ্য, যোগান, আৱকাৰী, ৰাজহ, কৃষি, উদ্যোগ আৰু বাণিজ্য, ক্ৰীড়া আদি গুৰুত্বপূৰ্ণ বিভাগ থকা জিলা কেন্দ্ৰত ২৩ এপ্ৰিলৰ পৰা বিদ্যুত যোগান ব্যাহত হৈ আছে ৷

এসপ্তাহ ধৰি অন্ধকাৰত চিৰাং জিলাৰ সদৰ কাজলগাঁও

বিদ্যুৎসেৱা ব্যাহত থকাৰ বাবে কাৰ্যায়লত উপস্থিত নাথাকে অধিকাংশ কৰ্মচাৰী ৷ কিছু গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয়ৰ বিষয়াই গাঠিৰ ধনেৰে তেল কিনি জেনেৰেটৰ দি কাম সমূহ কৰিব লগা হৈছে ৷ বিদ্যুতহীনভাৱে কাৰ্য্যালয় সমূহৰ অনলাইন যোগে কৰিবলগীয়া কোনো কামেই কৰিব পৰা কৰ্মচাৰীসকলে । অন্ধকাৰ কোঠাত নাই কোনো পোহৰৰ ব্যৱস্থা তাৰ মাজতে দুই এজন কৰ্মচাৰীয়ে চলাই গৈছে অত্যাৱশ্যকীয় কিছু কিছু কাম কাজ ।

কেতিয়ালৈ বিদ্যুতৰ সমস্যাৰ সমাধান হ’ব তাৰো কোনো উত্তৰ নাই বিদ্যুৎ বিভাগৰ কৰ্মচাৰী হাতত ৷ ডিআৰডিএৰ প্ৰকল্প সঞ্চালকে জিলা কেন্দ্ৰৰ বিদ্যুতৰ বিষয়টো চোৱাচিতা কৰে যদিও বিটিচি সচিবালয়ৰ পৰা বিদ্যুতৰ সমস্যাৰ বিষয়সমূহ নিয়ন্ত্ৰণ কৰে । কিন্ত বিগত এসপ্তাহে কোনো ধৰণৰ সমস্যাৰ সমাধান নোহোৱাত ২ মে’ত অনুষ্ঠিত হ’ব লগা ভোট গণনা কাৰ্যত ব্যাপক খেলিমেলি হ’ব মতপোষন কৰিছে একাংশই ৷

লগতে পঢ়ক :গ্ৰাহকৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই

ABOUT THE AUTHOR

...view details