চিৰাং, ১৪ জুন : বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে সকলোৱে যুঁজ দি থকাৰ মাজতে চিৰাং জিলাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৱে ৰাইজৰ বাবে সহায়ৰ বাবে বিতৰণ কৰিলে মাস্ক । চিৰাং জিলা আগছুৰ সাধাৰণ সম্পাদক নাৰায়ণ উপাধ্যায়ৰ নেতৃত্বত জিলা আগছুৰ এটা দলে চিৰাং জিলাৰ সদৰ কাজলগাঁৱত ৰাইজলৈ বিনামূলীয়া কৈ মাস্ক যোগান ধৰাৰ লগতে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা প্ৰচাৰ চলাই ।
চিৰাংত আগছুৰ বিনামূলীয়া মাস্ক বিতৰণ - Corona positive
চিৰাং জিলা আগছুৰ সাধাৰণ সম্পাদক নাৰায়ণ উপাধ্যায়ৰ নেতৃত্বত জিলা আগছুৰ এটা দলে চিৰাং জিলাৰ সদৰ কাজলগাঁৱত ৰাইজলৈ বিনামূলীয়া কৈ মাস্ক যোগান ধৰাৰ লগতে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা প্ৰচাৰ চলাই ।
![চিৰাংত আগছুৰ বিনামূলীয়া মাস্ক বিতৰণ Chirang district AGSU free Mask distribution](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-09:14-as-chg-02-chirangagsumaskdistribution-vis-10012-14062020193340-1406f-1592143420-177.jpg)
Chirang district AGSU free Mask distribution
চিৰাং জিলা আগছুৱে বিভিন্ন শাখা আৰু আঞ্চলিক সমিতিৰ সহায়ত দুহেজাৰখন মাস্ক তৈয়াৰ কৰিছে বুলি উল্লেখ কৰি চিৰাং জিলা আগছুৰ সাধাৰণ সম্পাদক নাৰায়ণ উপাধ্যায়ে এই মাস্ক জিলা খনৰ ভিতৰুৱা গাঁও বাতাবাৰী, আমগুৰিত বিতৰণৰ পাছত দেওবাৰে কাজলগাঁও আৰু ৰুণীখাটাকে ধৰি অন্যান্য গাঁৱৰ লোকক মাস্ক সমূহ প্ৰদানৰ লগতে কোভিড-১৯ ৰ বিৰুদ্ধে সজাগতা চলাই ।