অসম

assam

By

Published : Dec 16, 2020, 8:11 PM IST

ETV Bharat / state

চিৰাঙত ৰাষ্ট্ৰীয় স্বাস্থ‍্য মিছনৰ বিশেষ সভা

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বৃহস্পতিবাৰৰ পৰা চিৰাং জিলাতো ধনুষ্টংকাৰ আৰু ঘোৰাশলখা ৰোগ প্ৰতিৰোধক টিকাকৰণ কাৰ্যসূচী আৰম্ভ হ'ব । এই উপলক্ষে বুধবাৰে চিৰাং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত কাজলগাঁওস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয় সভা কক্ষত অনুষ্ঠিত হয় জিলা পৰ্যায়ৰ বিশেষ সভা ।

Chirang Dist NHM immunaisation meeting
Chirang Dist NHM immunaisation meeting

চিৰাং, ১৬ ডিচেম্বৰ : ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বৃহস্পতিবাৰৰ পৰা চিৰাং জিলাতো ধনুষ্টংকাৰ আৰু ঘোৰাশলখা ৰোগ প্ৰতিৰোধক টিকাকৰণ কাৰ্যসূচী আৰম্ভ হ'ব। দহৰ পৰা এঘাৰ আৰু ষোল্ল পৰা সোতৰ বছৰ বয়সৰ লৰা-ছোৱালীক অন্তৰ্ভুক্ত কৰি জিলাখনৰ প্ৰায় ষোল্ল হেজাৰ চাৰিশ ষাঠিজন শিশুক সামৰি লোৱা হৈছে । এই উপলক্ষে বুধবাৰে চিৰাং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত কাজলগাঁওস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয় সভা কক্ষত অনুষ্ঠিত হয় জিলা পৰ্যায়ৰ বিশেষ সভা ।

চিৰাঙত ৰাষ্ট্ৰীয় স্বাস্থ‍্য মিছনৰ বিশেষ সভা

জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাইলৈৰ পৰা অনুষ্ঠিত হ'ব লগীয়া ধনুষ্টংকাৰ আৰু ঘোৰাশলখা ৰোগৰ অভিযানৰ ওপৰত বিশদ আলোচনা কৰা হয় । সভাত জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ লগতে আৰক্ষী অধীক্ষক সুধাকৰ সিং,অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈ, জিলা টীকাকৰণ বিষয়া ডাঃ সনাতন দাস,বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ,জিলা তথ্য আৰু জনসংযোগ বিষয়া গগণ নাৰ্জাৰী,চি আৰ পি এফ,এছ এছ বিৰ বিষয়াসহ কেইবাজনো চিকিৎসক,কৰ্মচাৰী উপস্থিত থাকে। সভাত বিশ্ব স্বাস্থ্য সংস্থাৰ সমল ব্যক্তি ডাঃ হীৰেণ গগৈয়ে টিটেনাছ আৰু ডিপথেৰিয়া ৰোগৰ সবিশেষ তথ্য দৃশ্য শ্ৰব্য মাধ্যমযোগে আলোকপাত কৰে। আগন্তুক বিশ দিনলৈকে চলিব লগীয়া টিকাকৰণ কাৰ্যসূচী কাইলৈ জিলা খনৰ বাসুগাঁৱত মুকলি কৰা হ'ব ৷

লগতে চাওকঃহাগ্ৰামাৰ ভয়ত লিলিত আৱদ্ধ ২২ নৱ নিৰ্বাচিত পাৰিষদ



ABOUT THE AUTHOR

...view details