চিৰাঙত ৰবৰ খেতিয়কক প্ৰদান নিন্মমানৰ সামগ্ৰী
চিৰাঙত ৰবৰ খেতিয়কক জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ যন্ত্ৰ যোগানৰ নামত যোগান ধৰা হয় নিম্নমানৰ সামগ্ৰী ।
চিৰাং, ২৭জুন : চিৰাঙত ৰবৰ খেতিয়কক জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ যন্ত্ৰ যোগানৰ নামত নিম্নমানৰ সামগ্ৰী যোগান ধৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে । বিটিচি প্ৰশাসনে চিৰাং জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে জিলাখনৰ ৰবৰ খেতিয়কক প্ৰদান কৰাৰ কথা আছিল স্ম'ক হাউছ (ধোৱা দিয়া ঘৰ)ৰ লগতে অন্যান্য সামগ্ৰী । কিন্তু স্ম'ক হাউছ অতি নিম্ন মানৰ হোৱাত ৰবৰ খেতিয়কসকলে ল'বলৈ অমান্তি হয় । খেতিয়কসকলে সামগ্ৰীসমূহ লব'লৈ অমান্তি হোৱাত বিটিচিৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জড়িয়তে কৃষকলৈ প্ৰদান কৰা অন্যান্য সামগ্ৰীৰ লগতে ১২ টাকৈ স্ম'ক হাউছ চিৰাং জিলাৰ উদ্যোগিক বিভাগে ঘূৰাই পঠিয়াই । কিন্তু বৃহস্পতিবাৰে এই মেচিন ল'বলৈ ১২ জনকৈ ৰবৰ কৃষকে যাৱতীয় নথি-পত্ৰ সহ উপস্থিত হয় যদিও ৰবৰ উৎপাদনৰ স্ম'ক হাউছ মেচিনসমূহ অতি নিম্ন মানৰ হোৱাত গ্ৰহণ কৰিবলৈ অমান্তি হয় । অৱশেষত ৬১ জন খেতিয়কক প্ৰদান কৰা হয় স্মক হাউছৰ লগতে অন্যান্য সামগ্ৰী ।