অসম

assam

ETV Bharat / state

বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে উদ্ধোধন কৰে ধৰিত্ৰী প্ৰকল্পৰ কাম - বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী

চিৰাং জিলাৰ চিদলী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উদ্ধোধন হ'ল ধৰিত্ৰী প্ৰকল্পৰ কাম ৷

Chirang Dharitree coputerised land record inauguration
বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে উদ্ধোধন কৰে ধৰিত্ৰী প্ৰকল্পৰ কাম

By

Published : Mar 3, 2020, 11:01 AM IST

চিৰাং,3 মাৰ্চঃ সোমবাৰে চিৰাং জিলাৰ চিদলী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয় ধৰিত্ৰী প্ৰকল্পৰ কাম ৷ এই ধৰিত্ৰী প্ৰকল্পৰ কাম উদ্ধোধন কৰে বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে ৷ লগতে উপস্থিত থাকে বিটিচিৰ প্ৰধান সচিব ৰবিনচন মুচাহাৰী,ভূমি বিভাগৰ সচিব শুভলক্ষ্মী, ধৰিত্ৰী প্ৰকল্পৰ প্ৰকল্প সঞ্চালক অজিত কুমাৰ ব্ৰহ্ম,কাজলগাঁও পৌৰসভাৰ সভাপতি পানীৰাম ব্ৰহ্ম,কাজলগাঁও মহকুমা ভূমি উপদেষ্টা মতিন্দ্ৰ বসুমতাৰী ।

বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে উদ্ধোধন কৰে ধৰিত্ৰী প্ৰকল্পৰ কাম
ধৰিত্ৰী প্ৰকল্প উদ্ধোধন

এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি খাম্পা বৰগয়াৰীয়ে কয় যে "বিজেপি বি.পি.এফৰ মিত্ৰতা সন্দৰ্ভত আমাৰ ক'বলগীয়া নাই। ৰাজ্যত বিজেপি,বি.পি.এফ আৰু অগপৰ মিত্ৰ চৰকাৰ আছে । আমাৰ মিত্ৰতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় গৃহমন্ত্ৰীকে আদি কৰি সকলোৱে কৈ আছে আমাৰ মিত্ৰতা বাহাল আছে আৰু থাকিব। সেইক্ষেত্ৰত আমিয়ো আশা কৰিছো যে বিটিচিৰ আগন্তক পৰিষদীয় নিৰ্বাচনত এই মিত্ৰতা বাহাল থাকিব। তেওঁলোকে যদি কিবা চিন্তা কৰি বিজেপি হিচাবে নিৰ্বাচন খেলিব বিচাৰে বা নিৰ্বাচন খেলে তাত আমাৰ ক'বলগীয়া নাই। তেওঁ আৰু কয় যে ৰাজনীতিত মিত্ৰতাৰ ক্ষেত্ৰত সালসলনি হ'বই পাৰে । "

ধৰিত্ৰী প্ৰকল্প উদ্ধোধন

লগতে পঢ়কঃগুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন,‘Model code of conduct’ সন্দৰ্ভত সংবাদমেল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details