অসম

assam

ETV Bharat / state

চিৰাঙৰ চৰকাৰী বিদ্যালয়ৰ পুতৌ লগা ছবি - BTAD

চিৰাঙৰ শিক্ষাবিভাগৰ চকুত নপৰা এখন বিদ্যালয় ৷ 70 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে নাই উপযুক্ত আন্তঃগাঠনি ৷ 5 বছৰ পূৰ্বে নাঙলভাঙা নৈৰ পানীয়ে ক্ষতিসাধন কৰা বিদ্যালয়খন এতিয়া অস্তিত্বৰ সংকটত ৷ শীঘ্ৰে বিদ্যালয়খন পুনৰ নিৰ্মাণ বা স্থানান্তৰণৰ দাবী নাঙলভাঙাবাসীৰ ৷

চিৰাঙৰ চৰকাৰী বিদ্যালয়ৰ পুতৌ লগা ছবি

By

Published : May 10, 2019, 6:41 PM IST

চিৰাং,10মে': শিক্ষা বিভাগৰ অভিলাসী আঁচনিয়ে ঢুকি নোপোৱা এখন বিদ্যালয় ৷ এই বিশেষ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে নাই আন্তঃগাঠনি ৷ চিৰাঙৰ নাঙলভাঙাৰ ৬৮২ নম্বৰ শিশুবাৰী প্ৰাথমিক বিদ্যালয়খনৰ দুৰৱস্থা উদঙাই দিছে চৰকাৰী বিদ্যালয়ৰ ফোপোলা স্বৰূপ ৷ নাঙলভাঙা নৈৰ পাৰত অৱস্থিত বিদ্যালয়খনত যোৱা 5 বছৰ ধৰি ভগ্ন অৱস্থাতেই ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে । যোৱা 5 বছৰ পূৰ্বেই নাঙলভাঙা নৈৰ বাঢ়নি পানীত বিধস্ত হৈছিল বিদ্যালয়খন ৷ কিন্তু বিগত সময়ত বিটিচি কতৃপক্ষৰ লগতে জিলা প্ৰাথমিক শিক্ষা বিষয়াকো বহুবাৰ আবেদন জনোৱাৰ পিচত কোনো ধন মোকলাই নিদিলে বিদ্যালয়খন পুনৰ নিৰ্মাণ তথা স্থানান্তৰিত কৰাৰ বাবে। ইপিনে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ মতে দুবছৰ পূৰ্বে বিটিচিৰ পৰা এখন মঞ্জুৰি পত্ৰ দিয়ে দায়িত্ব সামৰিলে শিক্ষা বিভাগে।

চিৰাঙৰ চৰকাৰী বিদ্যালয়ৰ পুতৌ লগা ছবি

কিন্তু বৰ্তমান 70 জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ এনে দুৰৱস্থাই প্ৰত্যেক দিনাই শংকা কঢ়িয়াই আনিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকললৈ ৷ কাৰণ যিকোনো মুহুৰ্ততেই ভগ্ন বিদ্যালয় গৃহ খহি সংঘটিত হ'ব পাৰে ভয়ানক দুৰ্ঘটনাৰ। যাৰ বাবে এতিয়া বিদ্যালয়খন পুনৰ নিৰ্মাণ অথবা স্থানান্তৰণৰ ব্যৱস্থাৰ দাবী স্থানীয় ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details