অসম

assam

ETV Bharat / state

ক’ভিড আৰু বান সন্দৰ্ভত চিৰাং জিলা উপায়ুক্তৰ সংবাদমেল

ক’ভিড আৰু বান পৰিস্থিতি সন্দৰ্ভত চিৰাং জিলাৰ নৱনিযুক্ত উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সংবাদমেল ৷ জিলাখনত ক'ভিড ১৯ পৰ্যৱেক্ষণ কৰিবলৈ জিলা পৰ্যায়ত, থানা পৰ্যায়ত আৰু ভিচিডিচি পৰ্যায়ত তিনি তপৰীয়া ব্যৱস্থা গ্ৰহণ ৷

chirang-dc-press-meet-on-covid-and-flood
ক’ভিড আৰু বান সন্দৰ্ভত চিৰাং জিলা উপায়ুক্তৰ সংবাদমেল

By

Published : May 26, 2021, 10:43 PM IST

চিৰাং, 26 মে': চিৰাং জিলাৰ নৱনিযুক্ত উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে বুধবাৰে চিৰাং জিলাৰ কৰ্মৰত সংবাদসেৱী সকলৰ স'তে এক বৈঠকত মিলিত হৈ জিলাখনৰ ক'ভিড-১৯ ৰ সামগ্ৰিক পৰিস্থিতিৰ লগতে সাম্ভাৱ্য বান পৰিস্থিতি সন্দৰ্ভত আলোকপাত কৰে ।

জিলাখনৰ ক'ভিড-১৯ পৰিস্থিতি পৰ্যৱেক্ষণ কৰিবলৈ জিলা পৰ্যায়ত, থানা পৰ্যায়ত আৰু ভিচিডিচি পৰ্যায়ত তিনি তপৰীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি উপায়ুক্তই কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত পৰ্যৱেক্ষণ কৰিবলৈ একোজন দণ্ডাধীশ নিয়োগ কৰাৰ কথা ব্যক্ত কৰে ৷ শেহতীয়াভাৱে ব্ৰিটেইনৰ পৰা চিৰাঙলৈ অহা অক্সিজেন উৎপাদন গোটটোৰ কাম অহা দহ পোন্ধৰ দিনৰ ভিতৰত কৰিব পৰা যাব বুলিও উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে । একেদৰে কাজলগাঁৱৰ জে এছ বি চিকিৎসালয়ত আঠ খন বিচনাযুক্ত আই চি ইউ নিৰ্মাণ হলেও কাৰ্যকৰী নোহোৱাত কাৰ্যক্ষম কৰিবলৈ আৰু কমেও ২৫ খন আই চি ইউ বিচনা স্থাপন কৰা হ'ব বুলিও তেওঁ ব্যক্ত কৰে ৷

একেদৰে জিলাখনৰ আই, কানামাক্ৰা, দেওশ্ৰী, নাঙল, দুলনী, চম্পাৱতী আদি নৈ সমূহৰ খহনীয়া ৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে কাম আগুৱাই নিছে তাক অৱগত কৰি পৰৱৰ্তী সময়ত মথাউৰি বান্ধৰ অগ্ৰগতি কেনেকুৱা হৈছে তাক সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷ চিৰাঙত বছৰি বানত বহু গঞাই সমস্যাত ভুগি অহা বিষয়টো উপায়ুক্ত গৰাকীক অৱগত কৰি এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্ত গৰাকীক সংবাদকৰ্মী সকলে আহ্বান জনায় ৷

উল্লেখ্য যে, সংবাদমেলৰ পূৰ্বে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক জিলা তথ্য আৰু জনসংযোগ বিষয়া গগণ নাৰ্জাৰীয়ে আৰ্নাই আৰু চিৰাং জিলা প্ৰেছ ক্লাবৰ পৰা ফুলাম গামোচাৰে আদৰণি জনায় ৷ জিলা উপায়ুক্ত শ্বাহে জিলা উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাচতে জিলা সদৰ কাজলগাঁৱস্থিত জে এছ বি অসামৰিক চিকিৎসালয়, বিজনী ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰ, সুভাইঝাৰ আদৰ্শ চিকিৎসালয় আৰু বাসুগাঁও চহৰৰ স্বাস্থ্য সেৱা বিভাগৰ কাম কাজৰ ওপৰত পৰিদৰ্শন কৰি পৰ্যালোচনা কৰাৰ কথা অৱগত কৰে ।

লগতে পঢ়ক:২৬ মে'ত ভাৰতত আংশিক চন্দ্ৰগ্ৰহণ

ABOUT THE AUTHOR

...view details