চিৰাঙত ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ আহ্বান
চিৰাঙৰ বাসুগাঁৱৰ ঘটনাৰ পাচতেই মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন বিশেষ সভা ৷
চিৰাং,14 মে’: দেওবাৰে নিশা চিৰাঙৰ বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু শ্বহীদ বেদীত দুৰ্বৃত্তই ক’লা ৰং সনাক লৈ বৰ্তমানেও অব্যাহত উত্তেজনা ৷ শেহতীয়াকৈ এন আৰ চিৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি আৰু বাসুগাঁৱক লৈ সৃষ্টি হোৱা পৰিস্থিতি দুয়োটা বিষয় লৈ মঙলবাৰে চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন হয় এক সভা । চিৰাং জিলা উপায়ুক্ত,জিলা আৰক্ষী অধীক্ষক, মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠনক লৈ আয়োজিত এই সভাত বিতং আলোচনা হয় । জিলাখনত সকলোকে শান্তি শৃংখলা তথা ভাতৃত্ববোধ জীয়াই ৰাখি কাম কৰি যোৱাৰ আহ্বান জনায় ।