অসম

assam

ETV Bharat / state

চিৰাঙত এমাহৰ ভিতৰতে চুৰি ২২ টাকৈ গৰুঃ অসহায় কৃষক

চিৰাঙৰ ঢালিগাঁৱত গৰু চোৰৰ সন্ত্ৰাস ! ৰাতিৰ আন্ধাৰটো বাদেই দিনৰ পোহৰতো গৰু চুৰিৰ ঘটনা ।

চিৰাঙত এমাহৰ ভিতৰতে চুৰি ২২ টাকৈ বলধ গৰু

By

Published : Jun 9, 2019, 3:11 PM IST

চিৰাং,৯ জুনঃ চিৰাঙত এমাহৰ ভিতৰতে চুৰি হৈছে ২২ টাকৈ বলধ গৰু । এমাহ ধৰি চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত গয়বাৰী, লাউজুৰীপাৰা,শুকানীপাৰা আৰু ভীৰহানগাঁও ওচৰা-ওচৰিকৈ চাৰিখনকৈ গাঁৱত সংঘটিত হৈছে এটাৰ পিছত এটাকৈ গৰু চুৰিৰ ঘটনা । ৰাতিৰ ভাগত গৃহস্থৰ গোহালিৰ পৰা গৰু চুৰি হোৱা বাদেই এতিয়া দিনৰ পোহৰতেও পথাৰৰ পৰা গৃহস্থৰ গৰু উধাও হৈছে । গৰু চোৰৰ এই ধাৰাবাহিক সন্ত্ৰাসত এতিয়া দিকবিদিক হেৰুৱাইছে খেতিয়কসকলে । শেহতীয়াকৈ ফনিল মুছাহাৰী নামৰ এজন দৰিদ্ৰ খেতিয়কৰ এহাল গৰু দিন দুপৰতে পথাৰত এৰাল দিয়া অৱস্থাতে চুৰি হয় । কেৱল তেওঁৰে নহয় চাৰিদিন আগতে ,উমানন্দ দৈমাৰী নামৰ এজন ব্যক্তিৰ পৰা গোহালিৰ পৰা চুৰি হৈছে এহাল বলধ। ফলত এতিয়া মূৰে-কপালে হাত দিছে দৰিদ্ৰ কৃষকসকলে ।

চিৰাঙত এমাহৰ ভিতৰতে চুৰি ২২ টাকৈ বলধ গৰু

উল্লেখ্য যে,বিগত এমাহৰ ভিতৰত ঢালিগাঁও থানাত অন্তৰ্গত গয়বাৰী গাঁৱৰ পৰা ৭ টা গৰু,লাউজুৰীপাৰাত ৬ টা, শুকানীপাৰাত ৫ টা , বিৰহানগাঁৱত ৪টাকৈ গৰু চুৰি হৈছে । প্ৰথম অৱস্থাত গাঁওবাসীয়ে গৰু চুৰৰ বিষয়টো ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল কিন্তু পৰৱৰ্তী সময়ত এটাৰ পিছত এটাকৈ গৰু চুৰৰ ঘটনা সংঘটিত হোৱাৰ পিছত সমগ্ৰ বিষয়টো আৰক্ষীক অৱগত কৰে যদিও আৰক্ষীৰ নাকৰ সন্মুখতে এটাৰ পিছত এটি গৰু চুৰিৰ ঘটনা সংঘটিত হৈয়ে আছে । কিন্তু বৰ্তমানলৈকে চুৰি হোৱা গৰু বা চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । ইফালে এই সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে অঞ্চলবাসী ।

ABOUT THE AUTHOR

...view details