চিৰাং,7মে': চিৰাঙত আজিৰে পৰা আৰম্ভ হৈছে ১৮ৰ পৰা ৪৪ বছৰৰ ভিতৰৰ লোকৰ ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । জিলা খনৰ তিনিটাকৈ স্থানত আজি এই প্ৰতিষেধক প্ৰদান কৰে জিলা স্বাস্থ্য বিভাগে। কাজলগাঁও নগৰীয়া স্বাস্থ্য কেন্দ্ৰ, বাসুগাঁও টাউন জেবি স্কুল আৰু বিজনী নতুন বাছ আস্থান সমুহীয়া কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হৈছে ।
চিৰাঙত 150 গৰাকী লোকক প্ৰদান ক'ভিড ভেকচিন
আজিৰে পৰা চিৰাঙৰ ১৮ বছৰৰ পৰা ৪৪ বছৰৰ লোকক ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ জিলা খনৰ তিনিটাকৈ স্থানত ১৫০ গৰাকীকৈ লোকক প্ৰদান কৰা হৈছে ক'ভিড ভেকচিন ৷
চিৰাঙত 150 গৰাকী লোকক প্ৰদান ক'ভিড ভেকচিন
পুৰ্বতে অনলাইন প্ৰক্ৰিয়াৰে পঞ্জীয়ন কৰা ১৫০ গৰাকীকৈ লোকক কাজলগাঁও নগৰীয়া স্বাস্থ্য কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হৈছে । পুৱাৰে পৰা জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিষেধক লোৱাৰ বাবে অগণন লোকে ভিৰ কৰেহি ৷ ক'ভিড প্ৰট’কলৰ মাজেৰে লোক সকলে গ্ৰহণ কৰে ক'ভিড ভেকচিন ৷
অন্য এক খবৰৰ বাবে: বিহালীত আটক দুটাকৈ শিশু অপহৰণকাৰী