অসম

assam

ETV Bharat / state

চিৰাঙত ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান সন্দৰ্ভত জিলা প্ৰশাসনৰ বৈঠক - Chirang

চিৰাঙত প্ৰথম পৰ্যায়ত ২৮৭০ জন লোকক প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি চলাব জিলা প্ৰশাসনে। প্ৰথম পৰ্যায়ত ক‘ভিড-১৯ৰ যোদ্ধা তথা সন্মুখত থাকি কাম কৰা লোক সকলক প্ৰতিষেধক প্ৰদান কৰা হ‘ব ৷ চিৰাঙত বৃহস্পতিবাৰে ক‘ভিড-19ৰ প্ৰতিষেধক প্ৰদান সন্দৰ্ভত জিলা প্ৰশাসনে অনুষ্ঠিত কৰে প্ৰস্তুতি সভা ।

Chirang Covid-19 vaccination preparedness
চিৰাঙত ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান সন্দৰ্ভত জিলা প্ৰশাসনৰ বৈঠক

By

Published : Jan 7, 2021, 8:46 PM IST

চিৰাং, 7 জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ভাৰতত অতি শীঘ্ৰেই অতিমাৰি ক‘ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি চলাইছে। সেয়ে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি চিৰাং জিলাতো ক‘ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ বিষয়ে প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনে।

চিৰাঙত ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান সন্দৰ্ভত জিলা প্ৰশাসনৰ বৈঠক

এই সন্দৰ্ভতে বৃহস্পতিবাৰে দুপৰীয়া জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ সভাপতিত্বত চিৰাং জিলা সদৰস্থিত আৱৰ্ত ভৱনত জিলা টাস্ক ফোৰ্চৰ এখনি সভা অনুষ্ঠিত হয়। সভাত বিশ্ব স্বাস্থ্য সংস্থাৰ সমল ব্যাক্তি ডা° হিৰেণ গগৈ উপস্থিত থাকি দৃশ্য-শ্ৰব্য মাধ্যমৰ জৰিয়তে ক‘ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান সন্দৰ্ভত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ নিৰ্দেশাৱলীৰ বিতং ব্যাখ্যা আগবঢ়ায়।

প্ৰথম পৰ্যায়ত ক‘ভিড-১৯ৰ যোদ্ধা তথা সন্মুখত থাকি কাম কৰা লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ‘ব বুলিও জনায়। তেওঁ লগতে কয় যে,প্ৰাথমিক তথা ব্লক পৰ্যায়ত প্ৰতিষেধক প্ৰদানৰ পিচত লোক সকলে যাতে অন্তত আধা ঘন্টা সময় অপেক্ষা কৰে,যাতে কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে। প্ৰতিষেধক প্ৰদান কেন্দ্ৰত পৰ্য্যাপ্ত ঠাই,পৰ্যাপ্ত লোক তথা ইয়াৰ প্ৰতিকাৰৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়ায়।

জিলাখনত প্ৰথম পৰ্যায়ত ২৮৭০ জন লোকক প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি চলাব জিলা প্ৰশাসনে। সভাত জিলাখনৰ পলিঅ‘ৰ প্ৰতিষেধক প্ৰদানৰ বিষয়েও সবিশেষ আলোচনা কৰা হয়। সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° ৰাতুল বৰদলৈ,জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসসহ জিলা খনৰ স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীৰ লগতে অইন বিভিন্ন বিভাগৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক: গুৱাহাটীৰ পাণ্ডুত আলফা স্বাধীনৰ লিংকমেন আটক

ABOUT THE AUTHOR

...view details