অসম

assam

ETV Bharat / state

কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী - বডোলেণ্ড টেৰিটৰিয়েল ৰিজন

চিৰাঙৰ কাজলগাঁৱত চিলাৰায় উন্নয়ন মঞ্চৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী । বি টি আৰৰ পৰা অজনজাতীয় গাঁও শীঘ্ৰে কৰ্তন কৰক । চিৰাঙৰ ৪৮ খন গাঁও কৰ্তনৰ দাবী ৷

জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী
জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী

By

Published : Oct 8, 2020, 10:01 PM IST

চিৰাং, 8 অক্টোবৰ:বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বি টি আৰ)ৰ পৰা অজনজাতীয় গাঁও কৰ্তনৰ লগতে অতিশীঘ্ৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বৃহস্পতিবাৰে কাজল গাঁৱত চিলাৰায় উন্নয়ন মঞ্চৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কাজল গাঁৱৰ চিৰাং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৩১ নং (চি) ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জিলা যোগ কেন্দ্ৰত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ গ্ৰহণ কৰা হয় ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৷ এই ধৰ্ণা কাৰ্যসূচীত যোগদানকাৰী নেতা কৰ্মীসকলে একমুখে উই ৱান্ট এছ টি , ন' এছ টি ন' ভোট , বিটিএডিৰ পৰা অজনজাতীয় গাঁও কৰ্তন কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ইপিনে এই ধৰ্ণাত অংশগ্ৰহণ কৰি চিলাৰায় উন্নয়ন মঞ্চৰ সভাপতি বিক্ৰমজিৎ ৰায়ে বিটিচি গঠন হোৱাৰে পৰা বিগত ১৭ বছৰে বিটিএডি অঞ্চলত থকা অজনজাতীয় লোকসকলে কোনো ধৰণৰ সুবিধা ভোগ কৰিব পৰা নাই বৰঞ্চ পৰিষদীয় অঞ্চলটোত বসবাস কৰা অজনজাতীয় লোকসকলৰ মৌলিক অধিকাৰ খৰ্বহে কৰা হৈছে বুলি মন্তব্য কৰে ।

নতুনকৈ ঘোষিত বিটিআৰৰ পৰা কৰ্তন কৰি কোচ ৰাজবংশীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীক ন্যায় প্ৰদান কৰি সমবিকাশ আৰু সমউন্নয়নৰ বাবে তৃতীয় বড়ো শান্তি চুক্তি মৰ্মে গঠন কৰা আয়োগৰ লগতে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । লগতে এই প্ৰতিবাদত চিৰাং জিলাখনৰো সীমা মূৰীয়া ৪৮ খন অজনজাতীয় গাঁও কৰ্তন কৰাৰ দাবী জনাইছে ।
ইপিনে, কোচ ৰাজবংশী ৰাইজে দীৰ্ঘদিন ধৰি দাবী কৰি অহা জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে । কাৰণ অসম চৰকাৰৰ ফালৰ পৰা জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰলৈ যি প্ৰতিবেদন পঠিয়াব লাগিছিল সেয়া আজিলৈকে মন্ত্ৰীগোটৰ সমিতিটোৱে দাখিল কৰা নাই । কেৱল মাত্ৰ বিভিন্ন সংগঠনৰ লগত আলোচনাত বহি সময়সীমা বৃদ্ধি কৰিয়েই নিজৰ দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে । চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত যি সময়সীমা ধাৰ্য কৰিছিল সেয়াও উকলি গৈছে । সেয়েহে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই যদিহে জনগোষ্ঠীটোৰ জনজাতিকৰণৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে কোচ ৰাজবংশী ৰাইজে নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক:ডিমা হাছাওক মুছলমান মুক্ত কৰাৰ হুংকাৰ দেৱলাল গাৰ্লোচাৰ

ABOUT THE AUTHOR

...view details