অসম

assam

ETV Bharat / state

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী পালন - চিৰাং জিলাতো পালন কৰা হয় নেতাজীৰ জন্ম দিৱস

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী ৷ ঠায়ে-ঠায়ে পতাকা উত্তোলন কৰি নেতাজীক সোঁৱৰণ কৰা হয় ৷

chirang celebration netaji day_silcahar celebration netaji day
নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী পালন!

By

Published : Jan 23, 2020, 4:12 PM IST

চিৰাং,শিলচৰ 23 জানুৱাৰী : আজি ভাৰতৰ অন্যতম স্বাধীনতা সংগ্ৰামী বীৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী ৷ এই জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশবাসীৰ লগতে চিৰাং জিলাতো পালন কৰা হয় নেতাজীৰ জন্ম দিৱস ৷ বিজনী সেৱক সংঘৰ উদ্যোগত আৰু সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিজনী আঞ্চলিক সমিতিৰ সহযোগত উলহ-মালহৰে উদযাপিত কৰা হয় নেতাজীৰ জন্মদিৱস ৷ দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন কৰি নেতাজীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰা হয় ৷ পতাকা উত্তোলন কৰে বিশিষ্ট চিকিৎসক তথা উদযাপন সমিতিৰ সভাপতি ড' ৰতন ৰায়ে ৷

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী পালন

অন্য এক খবৰৰ বাবে : হোজাইত গ্ৰেপ্তাৰ ডকাইত!

আনহাতে, শিলচৰতো পালন কৰা হয় নেতাজী জন্ম দিৱস ৷ নেতাজীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি শিলচৰৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱাই পতাকা উত্তোলন কৰি শোভাযাত্ৰা উলিয়াই ৷ পতাকা উত্তোলন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই ৷ ছাত্ৰ-ছাত্ৰীসকলে পেৰেড, ব্যায়াম আৰু বিভিন্ন খেলতো অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details