বিজনী, 13 এপ্ৰিলঃ সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী শ্ৰী অশোকাষ্টমী পূজা ৷ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আমগুৰিবাসী ৰাইজৰ উদ্যোগত আয়োজিত হৈছে শ্ৰী শ্ৰী অশোকাষ্টমী পূজা ও মেলা ৷
বিজনী শ্ৰী শ্ৰী অশোকাষ্টমী পূজাত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ - Chirang
সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী অশোকাষ্টমী পূজা ৷ চিৰাং জিলাৰ অন্তৰ্গত বিজনী আমগুৰিটো পালন শ্ৰী শ্ৰী অশোকাষ্টমী পূজা ৷
শ্ৰী শ্ৰী অশোকাষ্টমী পূজা
আমগুৰিৰ থাজিমপুৰ গাঁওবাসীৰ উদ্যোগত আয়োজিত পূজাত ৰাতিপুৱাৰে পৰা ভক্তপ্ৰাণ লোকৰ ভিৰ পৰিলক্ষিত হৈছে । উল্লেখ্য যে বিজনীত এই পূজা সমিতিয়ে প্ৰতিবছৰেই ব্যতিক্ৰমী ৰূপত পালন কৰি আহিছে এই পূজা ৷ পূজাত দেৱীক বড়ো মহিলাসকলৰ পৰম্পৰাগত পোচাক দখনা পিন্ধাই পূজা কৰা হয় ৷ পূজাৰ সমান্তৰালকৈ মেলাস্থলীত উপলব্ধ বিভিন্ন খাদ্যসম্ভাৰকে ধৰি অন্যান্য় সামগ্ৰী ৷