চিৰাং, 19 মে': বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দেৰ চিৰাঙৰ বিজনীৰ ভেটাগাঁও চিকিৎসালয়ত ছাডেন ভিজিট ৷ মঙলবাৰে চিৰাং জিলাৰ বিজনীৰ ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰ অকস্মাৎ পৰিদৰ্শন কৰে বিষয়াগৰাকীয়ে ৷
হাস্পতালখনত উপস্থিত হোৱাৰ সময়ত হাস্পতালখনত উপস্থিত নাছিল অধীক্ষক তথা একাংশ চিকিৎসক । সময়মতে চিকিৎসালয়খনত উপস্থিত নথকা কৰ্মচাৰীসকলৰ এমাহৰ দৰমহা কৰ্তনৰ হুংকাৰ দিয়ে বিষয়াগৰাকীয়ে ৷
ভেটাগাঁও চিকিৎসালয়ত ছাডেন ভিজিট বিটিআৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্যৰ ইপিনে, হাস্পতালখনত খালী হৈ থকা ফাৰ্মাচীষ্ট, ক্লিনাৰ আৰু গাইকোলোজিষ্টৰ পদত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব বুলিও কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ উল্লেখ্য যে, বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ সৈতে বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, মনোনীত সদস্য প্ৰদীপ কুমাৰ বায়ন, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়ো উপস্থিত থাকে ।
লগতে পঢ়ক :বিধায়ক জিতু গোস্বামীৰ আদৰণীয় পদক্ষেপ