চিৰাং, 25 জানুৱাৰী: বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ আজি দ্বিতীয় দিন ৷ দ্বিতীয় দিনৰ অন্যতম কাৰ্যসূচী হৈছে সাংস্কৃতিক শোভাযাত্ৰা ৷ বিটিআৰৰ 23 টা জনগোষ্ঠীৰ কলা-সংস্কৃতিৰে এই সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হয় ৷ চিৰাঙৰ কাজলগাঁও উদাংশ্ৰিনি আলাৰি প্ৰেমসিং ব্ৰহ্ম ষ্টেডিয়ামত অনুষ্ঠিত এই শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে বিটিআৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু জিলা উপায়ুক্ত গৌতম তালুকদাৰে ৷
সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভণি কৰি ৰঞ্জিত বসুমতাৰীয়ে কয় যে বিটিআৰত থকা ২৩টা জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি বিশ্বৰ অন্যান্য উন্নত জাতি জনগোষ্ঠীতকৈ কম নহয় ৷ বিগত ১৭ বছৰে বিটিচিত বিপিএফে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি কৰি বড়ো-অবড়োৰ মাজত ব্যৱধান আনিছিল ৷ কিন্তু এতিয়া সেই অৱস্থাৰ সৃষ্টি নহয় ৷