চিৰাং, 4 ছেপ্টেম্বৰ : অসম বিধান সভাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিল পাছ হোৱাক আদৰণি জনাইছে সদৌ বিটিচি কোচ-ৰাজবংশী সন্মিলনীয়ে । চিৰাং জিলাৰ কদমতলি জিলা কাৰ্য্যালয়ত আয়োজিত এক সংবাদ মেলত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক আদৰণি জনাই কয় যে অসম চৰকাৰে কোচ-ৰাজবংশীসকলৰ কমতাপুৰ ৰাজ্য গঠনৰ দীৰ্ঘদিনীয়া দাবীক মান্যতা প্ৰদান কৰিছে ৷ সন্মিলনীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী,পৰ্যটন আৰু জনজাতীয় উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে অসম চৰকাৰক ধন্যবাদ জনায় ।
এই স্বায়ত্ব শাসিত পৰিষদৰ জৰিয়তে অতিকে পিচপৰা অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশী লোকৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ উন্নয়ন হ'ব বুলি আশা প্ৰকাশ কৰে সন্মিলনীৰ উপদেষ্টা নিৰেন ৰায়ে । তেওঁ আৰু কয় যে কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণ সন্দৰ্ভত গঠিত মন্ত্ৰী গোটৰ প্ৰতিবেদন অহা বিধানসভা নিৰ্বাচনৰ পুৰ্বেই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি বিধানসভা নিৰ্বাচনৰ পুৰ্বেই জনগোষ্টীটোৰ জনজাতিকৰণ কৰাৰ দাবী জনায় ।