চিৰাং, 8 জানুৱাৰী : বিটিচিৰ পৰিষদৰ বাজেট অধিবেশনত শুকুবাৰে এখ অভাৱনীয় পৰিস্থিত সৃষ্টি হয় । প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদৰ প্ৰথমখন বাজেট অধিৱেশনতে অনুপস্থিত থাকিল বিপিএফৰ ১৬ জনকৈ পাৰিষদ।
প্ৰমোদ বড়োৰ আস্থা ভোটক লৈ বিপিএফ দল সন্তষ্ট নোহোৱাৰ বাবেই বিপিএফৰ পাৰিষদ সকলে পৰিষদৰ বাজেট অধিৱেশনখন বৰ্জন কৰা বুলি সদৰি কৰিছে ১৫ নং বিটিচি পৰিষদীয় সমষ্টিৰ বিপিএফৰ পাৰিষদ পানীৰাম ব্ৰহ্মই । একেদৰে প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদক অগণতান্ত্ৰীক বুলি অভিহিত কৰিছে ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ বিপিএফৰ পাৰিষদ ছাইকং বসুমতাৰীয়ে ।