চিৰাং, 2 ফেব্ৰুৱাৰী : চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত দায়াগুৰীৰ পৰা বাগৰগাঁও সোনাই নৈৰ ওপৰৰ মৰনফান্দ সদৃশ এখন দলং । যিখন দলঙৰে নিতৌ আহ-যাহ হয় শিক্ষাৰ্থী তথা ৰাইজ ৷
বিজনীৰ সোনাই নৈৰ ওপৰৰ মৰনফান্দ সদৃশ এখন দলং - বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী
বিজনীত জৰাজীৰ্ণ দলঙৰ মাজৰে যাতায়ত অব্যাহত ৰাইজৰ ৷ 17 বছৰে বিটিচি চৰকাৰে নিৰ্মাণ নকৰিলে দলংখন ৷
বিজনীত এপাত লোহাৰ চিৰিৰে যাতায়ত অব্যাহত ৰাইজৰ
সোনাই নদীৰ ওপৰৰ থকা দলংখন নিৰ্মাণ কৰিবলৈ অঞ্চলবাসী ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছিল যদিও কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ আনহাতে, বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীকো দলঙখন নিৰ্মাণৰ বাবেও অনুৰোধ জনাইছিল যদিও বিধায়ক গৰাকীয়েও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৷ আনকি, বিগত 17 বছৰে বিটিচি প্ৰশাসনেও দলংখন নিৰ্মাণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷