চিৰা, 18 নৱেম্বৰ :দেওবাৰে চিৰাং জিলাৰ ৰৌমাৰীৰ সমূহীয়া কেন্দ্ৰত অনুষ্ঠিত এখন সভাত ইউ পি পি এলৰ ১০৬ জন সদস্য-সদস্যাই আনুষ্ঠনিকভাৱে মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত বিপিএফ দলত যোগদান কৰে । জিলাখনৰ বিপিএফ দলে আয়োজন কৰা এই সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই বিপিএফত যোগদান কৰা সদস্যসকলক বড়ো সকলৰ পৰম্পৰাগত আৰ্ণাইৰে আদৰণি জনায় ।
নৱ শৰণীয়াৰ বিভাজনৰ ৰাজনীতি বিটিচিত নচলে : চন্দন ব্ৰহ্ম - নৱ শৰনীয়াৰ বিভাজনৰ ৰাজনীতি বিটিচিত নচলে
"বিগত সময়ছোৱাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যি উন্নতি হৈছে সেয়া সকলোৱে শলাগ লৈছে । সেয়ে আজি ৰৌমাৰী ইউপিপিএলৰ প্ৰাথমিক সমিতিৰ সভাপতি অজয় মুচাহাৰীৰ নেতৃত্বত ১০৬ জন সদস্যই বিপিএফত যোগদান কৰি ৰৌমাৰীত ইউপিপিএল নিশেষ কৰিলে"
উল্লেখ্য যে "বিগত সময়ছোৱাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যি উন্নতি হৈছে সেয়া সকলোৱে শলাগ লৈছে । সেয়ে আজি ৰৌমাৰী ইউপিপিএলৰ প্ৰাথমিক সমিতিৰ সভাপতি অজয় মুচাহাৰীৰ নেতৃত্বত ১০৬ জন সদস্যই বিপিএফত যোগদান কৰি ৰৌমাৰীত ইউপিপিএল নিশেষ কৰিলে" বুলি অনুষ্ঠানত মন্ত্ৰীজনে মন্তব্য কৰে ।
ইয়াৰোপৰি নৱ শৰণীয়াই বিটিচিৰ পৰা গাঁও কৰ্তন কৰাৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিলে কিন্ত আজিলৈ একো নহ'ল । আমাৰ অঞ্চলত কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰিলে । আমি নৱ শৰণীয়াৰ কথা মতে আমাৰ মাজতে বড়ো-অবড়োৰ বিভাজন কৰিলো,কোনো উন্নয়ন নহ'ল বুলি সাংসদ নৱ শৰণীয়াক সমালোচনা কৰি চন্দন ব্ৰহ্মই মন্তব্য কৰে ৷