অসম

assam

ETV Bharat / state

বিপিএফৰ নেতৃত্বক টুপি পিন্ধাব নোৱাৰে হিমন্তই:মন্ত্ৰী চন্দন ব্ৰহ্ম - UPPL

চিৰাং আৰু কোকৰাঝাৰ জিলাৰ দলীয় প্ৰাৰ্থী সকলক ইউপিপিএলে বিজেপিক বিক্ৰী কৰিলে ৷ প্ৰমোদ বড়ো আৰু বিশ্বজিত দৈমাৰীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বিটিচি চলাব বিচাৰিছিল হিমন্তই ৷ আৰু কি ক'লে চন্দন ব্ৰহ্মই ?

chirang-bpf-last-campaign
বিপিএফ দলৰ এখন বিশাল নিৰ্বাচনীক প্ৰচাৰ সভা

By

Published : Dec 8, 2020, 9:00 PM IST

চিৰাং, 8 ডিচেম্বৰঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্য‍্যায়ৰ ভোটগ্ৰহণ অনুষ্টিত হোৱা 21 টা পৰিষদীয় সমষ্টিৰ ভিতৰত ১৮ খন আসন লাভ কৰিব বিপিএফে ৷ মঙলবাৰে চিৰাঙৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ শালঝোৰাত অনুষ্ঠিত বিপিএফ দলৰ এখন বিশাল নিৰ্বাচনীক প্ৰচাৰ সভাত এই দাবী কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ।

উল্লেখ্য যে, সভাত বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু অঞ্জলি দৈমাৰীৰয়ে। উক্ত সভাতে হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ নিৰ্বাচনৰ অন্য এক প্ৰতিদ্বন্দী দল ইউপিপিএলক কঠুৰ ভাৱে সমালোচনা কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷

বিপিএফ দলৰ এখন বিশাল নিৰ্বাচনীক প্ৰচাৰ সভা

মন্ত্ৰী চন্দন ব্ৰহ্মই ইউপিপিএল দলৰ সকলো কাৰ্য‍্যালয়ত তলা ওলমিছে বুলি মন্তব্য প্ৰকাশ কৰি কয়, 'চিৰাং আৰু কোকৰাঝাৰ জিলাৰ দলীয় প্ৰাৰ্থী সকলক ইউপিপিএলে বিজেপিক বিক্ৰী কৰিলে যাৰ বাবে ইউপিপিএল দলৰ কাৰ্য‍্যালয় সমুহ বন্ধ কৰিছে ৰাইজে ।'

ইফালে, ইউপিপিএলৰ পিচত এইবাৰ বিটিআৰ নিৰ্বাচনৰ পৰা হিমন্ত বিশ্ব শৰ্মা আউট হ'ব বুলিও প্ৰত্যাহ্বানমূলক মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীজনে । তেওঁ লগতে কয়, 'হিমন্ত বিশ্ব শৰ্মাই বিটিচিত আহি বহু অত‍্যাচাৰ কৰিলে । প্ৰমোদ বড়ো আৰু বিশ্বজিত দৈমাৰীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বিটিচি চলাব বিচাৰিছিল হিমন্তই ।'

তদুপৰি প্ৰমোদ বড়োক টুপি পিন্ধাব পাৰিলেও বিপিএফৰ নেতৃত্বক হিমন্তই টুপি পিন্ধাব নোৱাৰে বুলি প্ৰত্যাহ্বান জনাই মন্ত্ৰী চন্দন ব্ৰহ্মই। ভাষণৰ মাজতে হিমন্ত বিটিচিৰ নাগৰিক নহয়, ইয়াৰ ভোটাৰো নহয়, ইয়াত হিমন্ত বহিৰাগত বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ সমান্তৰালভাৱে ইউপিপিএলে দলে সদায় বিভিন্ন প্ৰলোভনেৰে বিটিচিবাসীক ঠগি আহিছে বুলি অভিযোগ তুলে মন্ত্ৰী ব্ৰহ্মই ৷ এইবাৰ বিটিআৰৰ নিৰ্বাচনত ইউপিপিএলৰ প্ৰলোভনৰ ৰাজনীতি নিঃশেষ হ'ব বুলিও দাবী কৰে চন্দন ব্ৰহ্মই ৷

লগতে পঢ়কঃকেৰালা স্থানীয় নিকায় নিৰ্বাচনঃ ৫ খন জিলাত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details