অসম

assam

ETV Bharat / state

পাঁচ শতাধিক লোকৰ বি পি এফত যোগদান - চিৰাঙ জিলা সদৰ কাজলগাঁও

চিৰাঙত বিটিচি পৰিষদীয় নিৰ্বাচনৰ তৎপৰতা বিপিএফ দলৰ । মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত বিভিন্ন দলৰ পৰা অহা পাঁচ শতাধিকৰ বিপিএফত যোগদান ।

chirang-bpf-joining-programme
বিপিএফ দলত পাঁচ শতাধিক লোকৰ যোগদান

By

Published : Jul 5, 2020, 7:24 PM IST

চিৰাঙ,5জুলাইঃ সমগ্ৰ দেশতে ক'ৰণা ভাইৰাছে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ বাদ পৰি ৰোৱা নাই চিৰাং জিলাও । সম্প্ৰতি চিৰাঙ জিলাতো ৬৮ গৰাকী লোক ক'ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । তাৰ মাজতে ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ৰণকৌশল । দেওবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁওত থকা বিপিএফ দলৰ জিলা কাৰ্যালয়ত বিয়লি ১২ বজাত অনুষ্ঠিত হোৱা এখন সভাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন দলৰ দুই শতাধিক লোকে বিপিএফ দলত যোগদান কৰে ।

বিপিএফ দলত পাঁচ শতাধিক লোকৰ যোগদান

ইপিনে একেটা কাৰ্যালয়তে বিয়লি ৪ বজাত অনুষ্ঠিত সভাত পুনৰ বিভিন্ন দলৰ পৰা অহা তিনি শতাধিক লোকে মন্ত্ৰী জনৰ উপস্থিতিতে যোগদান কৰে বি পি এফ দলত। চিৰাং জিলাতেই মুঠ পাঁচ শতাধিক লোকে দেওবাৰে বিপিএফ দলত যোগদান কৰে । মন্ত্ৰী চন্দন ব্ৰহ্মই নতুনকৈ বিপিএফ দলত যোগদান কৰা লোক সকলক ফুলাম গামোছাৰে আদৰণি জনাই কয় যে, এই যোগদান নিয়মিতভাৱে চলি থকা এক দলীয় প্ৰক্ৰিয়াহে।

বিপিএফ দলত পাঁচ শতাধিক লোকৰ যোগদান

বিটিচি গঠন হোৱাৰে পৰা আজিলৈকে বিপিএফ দলে ৰাইজৰ বাবে কাম কৰিছে আৰু কৰি যাব, বিপিএফ দল ৰাইজৰ দল। বিগত সময়ছোৱাত বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিত যথেষ্ট উন্নয়ন হৈছে আৰু সেয়ে আজি এইদৰে দলে-বলে মানুহ বিভিন্ন দলৰ পৰা ওলাই আহি বিপিএফ দলত যোগদান কৰি আছে বুলি মন্তব্য কৰে চন্দন ব্ৰহ্মই।

বিপিএফ দলত পাঁচ শতাধিক লোকৰ যোগদান

ইপিনে বিপিএফ দলৰ আজি এই যোগদান সভাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে জিলা বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি চিনেন বসুমতাৰী, মাধৱ ৰাজবংশী,পৰিষদীয় সমষ্টী কাজলগাঁও সমষ্টীৰ বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম, বিপিএফ দলৰ চিৰাং জিলা সংখ‍্যালঘু কোষৰ সভাপতি ছামাদ আলী আহমেদ সহ দলীয় ভালে সংখ‍্যক লোক উপস্থিত থাকে ।

বিপিএফ দলত পাঁচ শতাধিক লোকৰ যোগদান
লগতে পঢ়কঃবেলজিয়ামৰ পৰা গুৱাহাটীলৈঃ কোভিড-19ৰ তিতা-মিঠা অভিজ্ঞতা

ABOUT THE AUTHOR

...view details