অসম

assam

By

Published : Jul 8, 2020, 12:29 PM IST

ETV Bharat / state

চিৰাঙত সহস্ৰাধিক লোকৰ বিপিএফত যোগদান

চিৰাঙৰ বিজনী মাজৰাবাড়ী আৰু আলাউৰীত সহস্ৰাধিক লোকে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ,দলত যোগদান কৰে । মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ উপস্থিতিত দলটোত যোগদান কৰে লোকসকলে ৷

চিৰাঙত সহস্ৰাধিক লোকৰ বিপিএফত যোগদান
চিৰাঙত সহস্ৰাধিক লোকৰ বিপিএফত যোগদান

চিৰাং, 8 জুলাইঃ চিৰাং জিলাৰ বিজনী মাজৰাবাড়ী আৰু আলাউৰীত সহস্ৰাধিক লোকে বিপিএফত যোগদান কৰে। ইউপিপিএল,অবড়ো,জিএছপি আৰু এ,বি,এম,এছ,ইউ তথা বিভিন্ন দল-সংগঠনৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে আজি বিপিএফ,দলত যোগদান কৰা পৰিলক্ষিত হয়। বিপিএফ দলৰ এই যোগদান সভাত উপস্থিত থাকে বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰী,মন্ত্ৰী চন্দন ব্ৰহ্ম,ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীকে আদি কৰি বিপিএফ দলৰ বহুকেইজন নেতা । দলটোত নিৰ্বাচনৰ পূৰ্বে দেখা গল বিপুল সঁহাৰিৰে যুবক-যুবতী আৰু বয়জ্যেষ্ঠ লোকসকলে আজি যোগ কৰে লগতে সকলো নতুন বিপিএফ দলত যোগদান কৰা সদস্য সকলক গামোচাৰে আদৰণি জনায় মন্ত্ৰী চন্দন ব্ৰহ্ম,সাংসদ দৈমাৰীয়ে।
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিপিএফ দলে নতুন কৌশলেৰে,নতুন উদ্যমেৰে নিৰ্বাচনী ৰণ কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে ।

লগতে চাওকঃ যোগী আদিত্যনাথক মৃত্য়ুৰ ভাবুকি,অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details