অসম

assam

ETV Bharat / state

প্ৰমোদ বড়ো ট্ৰেক্টৰ কোম্পানীৰ বিজ্ঞাপন এজেন্টঃ চন্দন ব্ৰহ্ম - -ইউপিপিএল

প্ৰমোদ বড়ো সন্দৰ্ভত চন্দন ব্ৰহ্মই মন্তব্য প্ৰকাশ কৰি প্ৰমোদ বড়োৱে বিটিচি নিৰ্বাচনত ট্ৰেক্টৰ কোম্পানীৰ বিজ্ঞাপন এজেন্ট হিচাপে কাম কৰি আছে বুলিও ইতিকিং কৰে ৷

chirang-bpf-election-meeting
প্ৰমোদ বড়ো ট্ৰেক্টৰ কোম্পানীৰ বিজ্ঞাপন এজেন্টঃ চন্দন ব্ৰহ্ম

By

Published : Nov 27, 2020, 9:50 PM IST

চিৰাং, 27 নৱেম্বৰ :বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক দল সমুহৰ তৎপৰতা । লগতে বিটিচিত অব্যাহত আছে বোকা ছটিওৱাৰ ৰাজনীতি । বিটিচিৰ মুল ৰাজনৈতিক দল বিপিএফ-ইউপিপিএলৰ সমান্তৰালকৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ, বিজেপি,এআইইউডিএফ সহ অন্যান্য ৰাজনৈতিক দল সমূহো।

প্ৰমোদ বড়ো ট্ৰেক্টৰ কোম্পানীৰ বিজ্ঞাপন এজেন্টঃ চন্দন ব্ৰহ্ম

শুকুৰবাৰে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ ঔগুৰিত অনুষ্টিত বিপিএফ দলৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷

নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ব্ৰহ্মই কয় যে, " অসমৰ অতিকে পিচপৰা অঞ্চল আছিল বিটিচি ৷ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দলে আজি বিটিচিক বিশ্ব দৰবাৰলৈ উন্নিত কৰিবলৈ সক্ষম হ‘ল । আজি বিটিচি নিৰ্বাচন অসম বিধান সভা নিৰ্বাচনৰ আধাৰ হৈ পৰিছে । বিটিচিৰ উন্নয়নত সংকিত হৈছে বিৰোধী সকল । বিৰোধী ইউপিপিএল দলে বিপিএফৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল যদিও ৰাজ্যপাল শাসনৰ সাত মাহে একো দুৰ্নীতিৰ প্ৰমাণ কৰিব নোৱাৰিলে। "

প্ৰমোদ বড়ো ট্ৰেক্টৰ কোম্পানীৰ বিজ্ঞাপন এজেন্টঃ চন্দন ব্ৰহ্ম

তদুপৰি প্ৰমোদ বড়ো সন্দৰ্ভত চন্দন ব্ৰহ্মই মন্তব্য প্ৰকাশ কৰি প্ৰমোদ বড়োৱে বিটিচি নিৰ্বাচনত ট্ৰেক্টৰ কোম্পানীৰ বিজ্ঞাপনৰ এজেন্ট হিচাপে কাম কৰি আছে বুলিও ইতিকিং কৰে ৷


লগতে পঢ়ক: ‘Cyclone’ কি?

ABOUT THE AUTHOR

...view details