চিৰাং, 24 নৱেম্বৰঃ বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল আৰু বিজেপি দলে গোপনে বুজাবুজি তথা মিত্ৰতা কৰি বিটিচি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিছে । বিপিএফ দলৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই অভিযোগ তুলিলে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷
সভাত তেওঁ কয়, ইউপিপিএল দলৰ কিছু নেতাই ঠায়ে ঠায়ে বিজেপি দলক ভোটদানৰ আহ্বান জনাইছে । এই কথাই বিটিচিৰ ৰাইজক আঘাট দিছে ৷ তদুপৰি ইউপিপিএলৰ এই কৰ্মই বিশ্বাস ঘাটকৰ পৰিচয় বহন কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে চন্দন ব্ৰহ্মই ৷
ইউপিপিএলে গোপন মিত্ৰতা কৰিছে বিজেপিৰ সৈতেঃচন্দন ব্ৰহ্ম ইফালে, মন্ত্ৰীজনে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰসংগত কয় যে, 'তেখেত পিতৃতুল্য ব্যক্তি ৷ অসমত শান্তি স্থাপনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ।'
উল্লেখ্য যে, চিৰাং জিলাৰ ১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰপথাৰ খেল পথাৰত বিপিএফ দলৰ এই নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত সভাপতিত্ব কৰে বিজনী জিলাৰ বিপিএফ দলৰ সভাপতি সুভাষ চন্দ্ৰ বসমুতাৰীয়ে ৷
ইউপিপিএলে গোপন মিত্ৰতা কৰিছে বিজেপিৰ সৈতেঃচন্দন ব্ৰহ্ম সমান্তৰালভাৱে এই সভাতে চিৰাঙৰ ১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ধনঞ্জয় বসমুতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ সভাত উপস্থিত থাকে ওদালগুৰি জিলাৰ সভাপতি কেশৱ ৰাজবংশী, ৩৩নং বিজনী বিধান সভাৰ প্ৰাক্তন বিধায়ক ৰোমিঅ ব্ৰহ্ম, বিপিএফৰ বিজনী সংখ্যালঘু কোষৰ সভাপতি নাছিৰ উদ্দিন আহমেদ আদি ৷
লগতে পঢ়কঃভাৰতীয় উপকুলৰক্ষী বাহিনীৰ তৎপৰতাত মাজ সাগৰৰ পৰা উদ্ধাৰ এটা মাছমৰীয়া দল