চিৰাং,26মাৰ্চঃমঙলবাৰে চিৰাঙৰ কাশিকত্ৰাত বিপিএফৰ প্ৰথমখন নিৰ্বাচনী সভাতে বিধিপথালি দিলে ধুমুহা বৰষুণে । সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, উপ মুখ্য খাম্পা বৰগয়াৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম উপস্থিত থাকি বিপিএফ দলক আগন্তুক লোকসভা নিৰ্বাচনত ভোট দিয়াৰ বাবে আহ্বান জনায় ৷ এই নিৰ্বাচনী প্ৰচাৰ সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰসংগত যোৱা 15 বছৰে বিপিএফক শাসনত অধিষ্ঠিত ৰখাৰ বাবে সভাত উপস্থিত লোকসকলক ধন্যবাদ জনায় ৷ লগতে কয় যে যদি আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফক জয়যুক্ত কৰে তেন্তে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাত কেন্দ্ৰীয় চৰকাৰক দাবী জনাব ৷ ইপিনে এবছুৱে কোকৰাঝাৰৰ কচুগাঁও বনাঞ্চলত শালগছ কাটি যুদ্ধবিৰতিত থকা এন ডি এফ বিৰে মিলি ইউ পি পি এল দলে নিৰ্বাচন খেলাৰ টকা গোটাইছে বুলি অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে । অৱশ্যে বৰষুণৰ বাবে আধাতে ভাষণ সামৰিবলগীয়া হয় হাগ্ৰামা মহিলাৰীয়ে । আনহাতে কৃষক নেতা অখিল গগৈ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে অখিল গগৈ আন্দোলনকাৰী মানুহ, গতিকে তেওঁ আন্দোলন কৰি থাকক বুলি মন্তব্য কৰে ৷
"অখিল গগৈ আন্দোলনকাৰী মানুহ, সি আন্দোলন কৰি থাকক"-হাগ্ৰামা - lok sabha election
বিপিএফৰ প্ৰথমখন নিৰ্বাচনী সভাত ধুমুহা-বৰষুণৰ বিধিপথালি

বিপিএফৰ প্ৰথমখন নিৰ্বাচনী সভাতে ধুমুহা-বৰষুণৰ বিধিপথালি
বিপিএফৰ প্ৰথমখন নিৰ্বাচনী সভাতে ধুমুহা-বৰষুণৰ বিধিপথালি
উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলোৱা এই নিৰ্বাচনী প্ৰচাৰ সভাতে বিভিন্ন দল-সংগঠনৰ প্ৰায় শতাধিক লোকে বিপিএফ দলত যোগদান কৰে ৷