চিৰাং,12 মাৰ্চঃ চিৰাঙত বৃহস্পতিবাৰে বিটিচিৰ উপমুখ্য প্ৰধান খাম্পা বৰগয়াৰীক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ বিটিচিৰ ১৪নং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ সম্বৰ্ধনা সভাত বৃহৎ সংখ্যক জনসাধাৰণ উপস্থিত থাকে । খাম্পা বৰগয়াৰীয়ে সভাখনত ভাষণ সন্দৰ্ভত নিৰ্বাচনত জয় লাভ কৰাতো 100 শতাংশ নিশ্চিত বুলি দাবী কৰে ৷ নেতাগৰাকীৰ প্ৰধান লক্ষ্য শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে অঞ্চলটোৰ উন্নয়ন আৰু শিক্ষাৰ আন্তঃগাঁথনি সৃষ্টি কৰা বুলি প্ৰকাশ কৰে ৷ বৰগয়াৰীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ইউপিপিএলৰ বি আৰ ফেৰেংগায়ে ৷
ইফালে,বিভিন্ন ঠাইত দুৰ্বৃত্তই ইউপিপিএলৰ কাৰ্যালয় জ্বলোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত "কোনোবাই যদি কাৰোবাৰ কাৰ্যালয় জ্বলাইছে,সেয়া আৰক্ষীৰ কাম,আৰক্ষীয়ে নিশ্চয় ইয়াৰ ব্যৱস্থা ল’ব"বুলি মন্তব্য প্ৰকাশ কৰে ৷ লগতে বিপিএফ দলক দোষাৰোপ কৰিব পাৰে কিন্ত বিপিএফে শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰা বুলি উল্লেখ কৰে । বিপিএফৰ কোনো ব্যক্তি এই কাৰ্যত জড়িত নহয় বুলি স্পষ্টকৈ জনায় খাম্পা বৰগয়াৰীয়ে ৷